কন্যাসন্তান
কোনোবাৰ বাবে কন্যাসন্তান
অনাকাঙ্খিত ফচল
সেয়েতো পলিথিনত মেৰিয়াই পেলাই থৈ যায়
উইলিয়াম শ্বেক্সপ্যাৰৰ মতে- নাৰীৰ প্ৰসৱ এক তৃপ্তিকৰ বেদনা
......কিন্তু সৌ কদৰ্যময় নলা
-আৰু উপঙি থকা সদ্যজাত কন্যা শিশু
কুশ্ৰী মানসিকতা লিংগ বৈষম্যতাৰ বলি
কত কন্যাসন্তানৰ ভ্ৰূন ?
কোনেও নাজানেচোন ......
মাক কোন?
তাইৰ দেউতা কোন?
কেনে তৃপ্তিকৰ আছিল
তাইৰ মাকৰ প্ৰসৱ বেদনা ?
কন্যাসন্তানৰ প্ৰতি সহজ হবলৈ
ধনাত্মক মানসিকতা গঢ় দিয়াবলৈ
জনহিতাৰ্থে বিজ্ঞাপন, সাহায্য আঁচনি
"বেটি বচাও বেটি পঢ়াও"
- সৰ্বসমাদিত ওপৰি ওপৰি
বাস্তৱক্ষেত্ৰৰ মুখামুখিত
জ্বলে ভিতৰি ভিতৰি
এয়াই আমাৰ স্বৰূপ
এয়াই তিক্ত প্ৰকৃত বিশ্বৰূপ
🖍খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment