মই এটি নিশাচৰ হৈ পৰো
মই এটি নিশাচৰ হৈ পৰো
নৈসৰ্গিক আকুলতা
চহৰৰ বাস্তৱ ধুম-নাঙঠ আদিমতা দেখো
ষ্ট্ৰীট লাইটৰ পোহৰ
আৰু নিসংগতা
দীৰ্ঘকায় ছাঁটোৰ সৈতে আলাপন কৰো
ৰাতিৰ গৰ্ভাশয়ত
নিদ্ৰাহীনতা
জীৱনৰ পাণ্ডুলিপি বিচাৰো
অনুভৱৰ দলিচাত জীৱনৰ ৰং ধূই গ'ল
ধূই গ'ল যৌৱনৰ প্ৰাচুৰ্যতা
ৰামধেনুৰ ৰঙত তিতিব বিচাৰো
জীৱন এক নিমিলা অংক মাথো
বিচাৰি পাওঁ শূণ্যতা
ক্ৰমশ: মই এটি নিশাচৰ হৈ পৰো
✍খন্দ: জাহাঙ্গীৰ আলম
Comments
Post a Comment