তেজৰ ৰং

ছিদ্ৰ আকাশেদি সৰিছে
মুঠি মুঠি নিসংগ কুঁৱলি
মানৱতাৰ চিকাৰ হোৱা এখনি মৃত চহৰ
য'ত আছিল কিছু অমানুহৰ বসতি
সিহঁতে ভাৱিছিল-
সিহঁতৰ তেজ ৰঙা নীলা হালধীয়া....
ধৰ্মই ৰং চিনে, বিবেকে ৰং সৃষ্টি কৰে,
সিহঁত ধৰ্মৰ অনুসৰি
সিহঁতৰ বিবেক ৰাজহাড়হীন সৰীসৃপৰ দৰে
ভেদ বন্ধ কৰা ঔষধ ক'ত?
-মানৱতা প্ৰতিষ্ঠা কৰিবলৈ

তেজৰ প্ৰবাল সোঁতত ৰংবোৰ ধূই যায়
-তেতিয়া ৰংবোৰ ৰঙা হয়
শগুণে হৃদপিণ্ডবোৰ ঠহ ঠহ কৰি খায়
মই শগুণক সুধিছিলো-
হৃদপিণ্ডৰ স্বাদৰ ভিন্নতা আছেনে?
-তিতা, কেহা, মিঠা.......
কাৰণ সিহঁতৰ মাজৰ কোনোবা-
হিন্দু, মুছলমান, খ্ৰীষ্টান.......
শগুণ- মোৰ মুখত ধৰ্মৰ স্বাদ একেই
মই স্বাদ নিবিচাৰো
মাথো সিহঁতৰ শৰীৰাংশ গিলি থওঁ

          ✍খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই