ৰাংচাপাৰা (এখনি স্বচ্ছ গাঁও)

আমি কেইবাজনো বন্ধু নিৰ্দিষ্ট সময়সূচী লৈ নামনি অসমৰ দুই তিনিখন জিলাৰ  বিভিন্ন প্ৰসিদ্ধ স্থান দৰ্শন কৰিবলৈ গৈছিলো, তাকৰ সময়  আৰু আমাৰ মাজৰ দুই এজনৰ আকস্মিক অসুবিধাৰ বাবে চাবলগীয়া খিনিও ৰৈ গ'ল.…… পিছলৈ সময় সুযোগ পালে সেইখিনি চোৱাৰ আশাও পুহি ৰাখিলো....
        গোৱালপাৰা জিলাৰ  বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাংচাপাৰা  নামৰ এখনি আদৰ্শ গাঁও, গাঁওখনত গাৰো মানুহৰ বসতি, গাঁও খনত মুঠ জনসংখ্যা কিমান তাৰ সঠিক তথ্য নাপালো যদিও ৮০ ৰ পৰা ৯০ ঘৰ মান মানুহৰ বসতি থকা বুলি জানিব পাৰিলো,  ৰাতিয়েই #জাকিৰ ভাইজান আৰু #আনিছ জামান দাৰ মুখৰ পৰা গোৱালপাৰা চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত গাঁও খনৰ বিষয়ে চমু আভাস এটা পাইছিলোঁ, সেয়ে গাওঁখন স্বচক্ষে চাবলৈ ৰাতিপুৱাই গৈছিলো... গাওঁখনলৈ সোমাই যোৱা ৰাস্তাটো কেঁচা; বৰষুণ পৰি বোকা হৈ আছিল, আদৰ্শ গাওঁ দৰ্শনৰ ট্ৰেইলাৰখন দেখিয়েই মনলৈ ঋণাত্মক ধাৰণা এটা আহিছিল ; কিন্তু ভিতৰত সোমাই তাৰ বিপৰীত ছবি কিছুমান দেখিছিলো, মুল আদৰ্শ গাঁও পোৱাৰ লগে লগে দেখিছিলো-
✏ৰাস্তাৰ দুয়োকাষে আনুমানিক ১০ মিটাৰ অন্তৰে অন্তৰে একোখনকৈ ডাষ্টবিন থোৱা আছে আৰু তাৰ প্ৰায় ১০০ শতাংশ সদব্যবহাৰো কৰিছে, ৰাস্তা-ঘাট, অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাজহুৱা স্থান আদি ক'তো কোনোধৰণৰ আৱৰ্জনা পৰি থকা আমাৰ দৃষ্টিগোচৰ নহ'ল.... আনকি গাঁৱৰ সৰু কেন্টিন এখনত চাহ খোৱাৰ সময়ত কোঠাটোৰ ভিতৰত ডাষ্টবিন দেখা পাইছিলোঁ।
✏প্ৰতিটো ঘৰৰ সন্মুখত ইংৰাজী/ স্থানীয় ভাষাত নামফলক মাৰি থোৱা আছে, য'ত ঘৰৰ মালিকৰ নাম, ঘৰ নম্বৰ...... আদি সন্নিবিষ্ট কৰা আছে।
✏প্ৰত্যেকৰে ঘৰৰ চোতালত সৰু বৰ উদ্ভিদ উদ্যান আছে য'ত বিভিন্ন প্ৰজাতিৰ ৰং বিৰঙী ফুল দেখি মনটো সজীৱ হৈ উঠিছিল লগতে দৰ্শনাৰ্থীৰ বাবে কোনোবাজনে চাংঘৰ, বাঁহৰ সাঁকো, বাঁহৰ চকী বেঞ্চ আদি বনাই থৈছে, অৱশ্যে দৰ্শনাৰ্থীৰ পৰা তেওঁলোকে ১০ টকাকৈ সংগ্ৰহ কৰিছে। যিহেতু চৰকাৰৰ পৰা বিশেষ সা-সুবিধা নোপোৱা বুলি জনালে , তেওঁলোকে নিজা খৰছত কামবিলাক কৰে, প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত গাঁৱৰ মুল ৰাস্তাটো আৰু  PHED ৰ  Public toilet  আৰু পঞ্চায়তে ৰাজহুৱা জিৰণি ঘৰ এখন বনাই দিছে বুলি জানিব পাৰিলোঁ।
✏জানিব পৰা মতে,গাওঁখনত শিক্ষিতৰ হাৰ কম ।কিন্তু তেখেতসকলৰ পৰা আমি পৰিৱেশৰ শৈক্ষিক জ্ঞান আহৰণ কৰাটো উচিত বুলি মনত ভাৱ এটা আহিছিল।
✏গাঁৱৰ মানুহখিনি যে ধনী নহয় ঘৰ দুৱাৰ চাই অনুমান কৰিব পাৰিছিলো, তেওঁলোকৰ প্ৰধান জীৱিকা কৃষি ।
            এই ভ্ৰমণকালত যি সমূহ ঐতিহাসিক স্থান আমি দৰ্শন কৰিলোঁ তাৰ ভিতৰত এই আদৰ্শ গাঁও খনৰ প্ৰতিচ্ছবিয়ে আমাৰ মনত বৰকৈ সাঁচ এটা বহুৱাব পাৰিছে,  নিজৰ গাঁওখন কেনেকৈ এখন আদৰ্শ গাঁও হিচাপে ৰূপান্তৰ কৰিব পাৰোঁ তাৰ সঠিক ধাৰণা কিছুমান পাইছিলো,
             এই আদৰ্শ গাঁওখন দৰ্শন কৰোৱাৰ বাবে মোৰ অতিকৈ শ্ৰদ্ধাৰ সাংবাদিক জাকিৰ ভাইজান আৰু সাংবাদিক আনিছ জামান দাক মোৰ অন্তৰৰ অন্ত:কোণৰ পৰা শলাগ লৈছোঁ, এই চেগতে ধন্যবাদ দিব বিচাৰিছো Sarowari khatun Jakir Hussain Anis Jaman, Jahangir Azad  আদি ব্যক্তিসকলক; যিসকল ব্যক্তিয়ে আমাক ইমান গেলা গৰমৰ মাজতো যিদৰে আপ্যায়িত কৰিলে তাৰবাবে আমি কৃতজ্ঞ, গৰমত আপোনালোকক কষ্ট দিয়া বাবে আমি ক্ষমাপ্ৰাৰ্থী ।

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই