বৰ্ণ কবিতা

কাহিলিপুৱাতে কুকুৰাৰ কলকলনি
খদৌমদৌকৈ খাটৰ পৰা নামি
গোটেই ৰাতি পেটৰ গণ্ডগোল, দৌৰিলো পায়খানালৈ
ঘৰৰ বাহিৰত গৈছিলো ভোজলৈ
ৰঙালাউৰ আঞ্জা, গেষ্ট্ৰিকৰ দোকান
চলাথ মই পেটৰ বেৰবেৰনিত
ছবিটো এতিয়া ক্ষীণোৱা হৈ গ'ল,
জপিলো গোটেই ৰাতি ঈশ্বৰৰ নাম
ঝাৰুৰ জৰা-ফুকাতো নাপালো উপশম

টান নৰিয়াত মিছা শপত,  ঈশ্বৰৰ নামত
ঠগিব বিচাৰো ঈশ্বৰক,
ডাংকোপ মাৰিম,
ঢপলিয়াই ফুৰিম বেমাৰ উপসম পালেই
                                     ক্ৰমশ:...

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই