জীৱন প্ৰতিবিম্ব
দুখন আইনাৰ মাজত থিয় হৈ
দৃষ্টি যিমান দূৰলৈ-
অলেখ প্ৰতিবিম্ব....
প্ৰতিটো প্ৰতিবিম্বত একো একোটা চৰিত্ৰ ভাঁহে
প্ৰথম প্ৰতিবিম্ব স্পষ্ট, যি নিৰ্ণায়ক
শেষৰটো ধূসৰ, যি সংশ্লেষক
মাজৰ খিনি পতনুৱা , যি অলক্ষ্যত নিষ্প্ৰভ
সেয়েতো নিজে নিজক বুজি পোৱা টান
নৰমনিচে নেদেখিলেওঁ
ক্ৰমশ: অদৃশ্য ন-গুণ বিদ্যমান
ত্ৰিনয়নেৰে গমিব পাৰিলে
ইতিহাসৰ ছিঙা পাতত থাকিব তোমাৰো নাম
🖋খন্দকাৰ জাহাঙ্গীৰ আলম
ফোন: ৯৬৭৮৭৬৯৫১০
Comments
Post a Comment