তাই এজনী বেশ্যা

ঘুমন্ত চহৰৰ
নিস্তব্দ নিষিদ্ধ গলিত
বিয়াগোম বৰেণ্যব্যক্তিৰ পদচিহ্ন
সমাজপতি ৰাজনেতা আমোলা
সিহঁতৰ পকেটত
ক্ষুধাতুৰ দেহোপজীৱিনীৰ  অন্ন
নুমাবলৈ যৌনতাৰ জুই অনিৰ্বান
অসংখ্য অলেখ ৰৈ
বহুভোগ্যাৰ আভ্ৰূ খুলি
কামাতুৰৰ সুধা পান
তাইৰ দেহ- বিছনাত পৰি থকা এটি জড়
সিহঁতে আকাৰ দিয়ে
তাইয়ো আকাৰ লয়
আৰু ক্ৰমশ: চেলেকি যায়
উত্তেজনাৰ ঘূৰ্ণীবায়ুত
আদিমতাত উলমি
সভ্যতা লেং খাই থাকে পৰি
তাইৰ প্ৰতিটো নিশা- শেৱালিৰ দৰে
-যৌৱন সৰে
কামনা-বাসনা
মাথো পেটৰ তাড়না
জীৱনৰ দেওনা পাৰ কৰা
তাই এজনী বেশ্যা

    ✍খন্দকাৰ জাহাঙ্গীৰ আলম
      ফোন: ৯৬৭৮৭৬৯৫১০

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই