বিষ সাদৃশ্য বিষাদ
আন্ধাৰৰ উপস্থিতিত
অৰ্ধ উলংঘ জোনটো
অন্তৰ্হিত হ'ল
ঘোৰ অন্ধকাৰৰ
আঁউসীৰ ৰাতি
ছাঁটোয়ে দেখোন
সংগ এৰিলে
সাৰুৱা কষ্ট-বেদনাবোৰে
পচন ধৰায় জীৱনৰ সুখবোৰ
নি:সংগ মনৰ ফটকত
কোনোবাই কাণে কাণে কৈ যায়
বিষসাদৃশ্য বিষাদ এতিয়া
তোৰ জীৱন পথৰ সংগী
খন্দ: জাহাঙ্গীৰ আলম
Comments
Post a Comment