বতাহত মৰাশৰ গোন্ধ

আজিও মৰাশৰ গোন্ধ পাওঁ
এতিয়াওঁ মাটিত নগ্ননৃত্য দেখো
শুনো ধৰ্ষিতাৰ আৰ্তনাত
মোৰ সপোনত
এই দেশ পাহৰি গৈছে সেই দু:স্বপ্নৰ ৰাতি, সেই ৰক্তাক্ত সময়
বতাহত মৰাশৰ গোন্ধ ভাহে
মাটিত লাগি আছে তেজৰ দাগ
তেজৰ চেকুৰা গচকিও
এদিন যিসকলে বুকু পাতি
জীৰ্ণজীৱনৰ পুঁজ সিহঁতে বিচাৰি পায়
নিষিদ্ধ এন্ধাৰত

দেশক ভালপোৱাজনে
নিদ্ৰাজাগে ৰাতিৰ গুহাত
ই যেন নষ্ট জন্মত লজ্জিত কুমাৰী জননী
স্বাধীনতা - ই তেন্তে নষ্ট জন্ম ?
ই তেন্তে পিতাহীন জননীৰ লজ্জাৰ ফচল ?
জাতিৰ পতাকা খামুচি ধৰিছে সেই পুৰণা শগুণ

বতাহত মৰাশৰ গোন্ধ
নিয়ন উদ্যানত-
নৰ্তকীৰ দেহৰ মাংসত ধুমুহা দোলে
মাটিত তেজৰ দাগ
চাউলৰ গুদামত জমা হয়
অনাহাৰী মানুহৰ হাড়

দুচকুত মোৰ টোপনি নাই
তন্দ্ৰাত ধৰ্ষিতাৰ চিৎকাৰ শুনো
নদীত শেলাইৰ দৰে ভাহে মানুহৰ পচা মৰাশ
মুণ্ডহীন কিশোৰীৰ বিভৎস শৰীৰ
ভাহি উঠে চকুত
মই শুব পৰা নাই
মই শুব পৰা নাই

তেজৰ কাফনেৰে মেৰিওৱা কুকুৰে ভক্ষণ কৰিলে যাক
শগুণে খালে যাক-  সি মোৰ সহোদৰ,
সি মোৰ প্ৰিয়তম মাতা,
সি মোৰ প্ৰিয়তম পিতা
স্বাধীনতা - সি মোৰ স্বজন, ঘূৰাই পোৱা একমাত্ৰ ফচল
স্বাধীনতা - সি মোৰ প্ৰিয় মানুহৰ তেজৰ বিনিময়ত অমুল্য ফচল
ধৰ্ষিতা ভনীৰ শাৰী মোৰ জাতীয় পতাকা

মুল:- ৰুদ্ৰ মহম্মদ শ্বহীদুল্লা
অনুবাদ: খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই