মানৱ গলি কোনফালে ?
কোন দিশত মানৱ গলি
সোৱে-বাওঁয়ে, দূৰ-দূৰলৈ
ক'তো মানুহ দেখা নাই
মনে যাব বিচাৰে-
বিকলাংক ভাৱনাক গচকি
বহুযোজন দূৰত
স্বাৰ্থপৰতাৰ পদুলিত আৱদ্ধ আমি
জান্তৱৰ অৰণ্যত
মানৱতাৰ প্ৰমূল্য ক'ত?
কৃষ্ণগহ্বৰে গিলি থৈছে
-দয়া, বিশ্বাস, মমতা
টহল্ দিয়া দানৱৰ মসৃণ ৰাস্তাত
জাগতিক প্ৰেমৰ মায়া মোহত
পিছলে ভ্ৰাতৃত্ববোধৰ একতা
সেয়েতো আজি
দেশ নিৰ্ভয়ে শুব পৰা নাই
দেশত মানৱ গলি বিচাৰি পোৱা নাই
✍ খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment