ফাগুনীৰ ফটা উঠৰ চুমা
বসুন্ধৰাৰ খৰাং বুকুতে
চিৰাল ফটা উঠৰ এটি শুকান চুমা আঁকি দি যায়
শুষ্কতাৰ মাজতো প্ৰাণোচ্ছল হৈ উঠে
ফাগুনৰ প্ৰথম পচোৱাৰ ফিৰফিৰীয়া বতাহজাকত বহাগৰ বতৰা পাই
ধূলিৰ সৈতে ধৰাৰ নিষ্প্ৰভ ছবি
শিমলু মদাৰৰ তেজৰঙী ৰঙে ৰহন সানি যায়
ৰাঙুলী হৈ উঠে
ফাগুনীৰ কোমল পৰশত শ্যামলৰ বতৰা পাই
🖍খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment