গণতন্ত্ৰৰ স্বৰূপ

ফটা মলিন বস্ত্ৰ পৰিহিত ;
আস্থান ৰাস্তাৰ দাঁতিত ,
ঘৰ বুলিলে এখন জুপুৰী ,
চাল বুলিলে দুৰৰে আকাশখনি /
ডিভাইডাৰ ওপৰত ফটা কেথাৰে অঙ্গ আঁৱৰি ;
নিজকে নিদ্ৰামগ্ন কৰি ,
পাৰ কৰে কষ্টৰ ৰাতি l
ৰুটিত নিজৰ নাম লিখিব নোৱাৰা ;
সৌ এদল ভোকাতুৰ অকৰা ,
খাদ্যৰ সন্ধানত !
সম্ভ্ৰান্তৰ পেলনীয়া খাদ্যৰ ডাষ্টবিনত;
আৱৰ্জনাৰ দমবোৰ দহঅঙ্গুষ্ঠৰ জবকাৰে ,
আচুৰি আনি ৰুটিৰ অৰ্ধটুকুৰাৰে ,
কুকুৰৰ লগত পুৱাৰ জলপান l
সিহঁত কুকুৰ নহয়,এই দেশৰে জনগণ l
-আৰু আমি গৰ্ব কৰো , মোৰ দেশ মহান l
নাভূত-নাশ্ৰুত সুত্ৰ গণতন্ত্ৰৰ ,
- গণতন্ত্ৰত ৰাইজেই ৰজা ,
......কোনে কয়?
হা কোনে কয়?
"গণতন্ত্ৰত ৰাইজেই ৰজা"
-কেৱল এটা প্ৰবাদবাক্য এয়া l

ৰাইজেই ৰজা য'ত
তেনে ৰজাৰ শাসন, চলে ক'ত ?
সেইদল ৰজা দেখোন- লাঞ্চিত,
বঞ্চিত, প্রতাৰিত, উচ্ছেদিত ......
যদি স্বয়ম্ভু ৰজাৰ এনে দশা !
হব নিবচাৰো আমি- "ৰাইজেই ৰজা"
নিজৰ প্ৰাপ্যৰ আদায়ৰ্থে-
যেতিয়া প্ৰতিবাদ কৰিবলৈ আগবাঢ়ে l
তেজৰ নদীত নাওঁ বাই;
হত্যালীলাৰ ৰণশিঙা বজাই ,
প্ৰশাসন আহে আগুৱাই l
চৰকাৰৰ আদেশত ;
বন্দুকৰ গুলিত,
বুকু ভেদি যায়,
কত দুৰ্ভগীয়াৰ l

        🖋খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই