ভদ্রবেশী বর্বৰতা

ৰচনা  #দিলীপ দাশ
তাৰিখ # 11.02.18
******************

তোমালোক দেখাত ভদ্র
মুখা পিন্ধি ।
ভাৱিছা , কোনেও নকব বলাৎকাৰী
ভদ্রবেশী মুখখন চাই ।।

চাৰি বছৰৰ কিশোৰী দেখিলেও
তোমালোকৰ যৌনক্ষুধা উতলি উঠে।
কলিটোকো নিদিয়া ৰেহাই ,
ফুলহৈ উঠক ফুলি ।

কত কুসুম মূর্চা যায়
তোমালোকৰ দগ্ধতায় ।
বিবেকটোক বন্দি কৰি
ৰাখিছা অপাৰ কৌশলত ।

যদি ইমানেই যৌনক্ষুধা
পকেটত হাত দিব পাৰা
নষ্টগলিৰ দৰ্জা খোলা।
তাতেই জপিয়াই পৰা ।

শিক্ষা আৰ্জিত কৰি
শিক্ষিত বুলি অহংকাৰ ।
অন্ধকাৰৰ সুযোগ লৈ
কিশোৰীক সাৱটি ধৰা ।

আকৃতিটো হয়তো মানুহ
পশুতকৈ কমতো নহয়
তোমালোক আকৌ কোনসাহসত
নাৰীমুক্তিৰ কথা কোৱা ?

           অসমীয়া অনুবাদ
   খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই