বিদেশীৰ বদনাম
স্বদেশীৰ প্ৰমাণ লাগে যদি
নথিবোৰ সাঁচি ৰখা আছে
সযঁতনে .......
-চাই যোৱা
বুঢ়া লুইতৰ পাৰ খহি
আমাৰ পূৰ্বজৰ দুশবছৰীয়া কবৰ
জীৱাষ্মবোৰ গৈছে উটি ভাহি
মিছা হ'লে, ডিএনএ পৰীক্ষা কৰা
সৌৱা নদীৰ মাজত
পানীৰ সতে যুঁজ দিয়া
বাহৰ ঝাৰৰ কাষতে আছিল
মোৰ আজোককাৰ কবৰ
জহি খহি যোৱা জকা উলিয়াই আনি
বগা কাপোৰেৰে মেৰিয়াই
পুন: সমাধি কৰিলো
🖍 খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment