অতীত ৰোমন্থণৰ অশ্ৰু

পাহৰো বুলিও পাহৰিব নোৱাৰো ,
সজীৱ স্মৃতিবোৰ ৰোমন্থণ কৰি ফুৰো l
এৰি অহা সময়বোৰ উভতি নাহে ,
মাথো বেদনাবোৰে উকি মাৰে l
মনৰ আকাশখনত এতিয়া ধ্ৰুৱতৰা নোলায় ;
- কেতিয়াও নোলায় l
মেঘে মেঘাছন্ন আৰু গাজনি ;
বিষাদৰ শ্ৰাৱন অশ্ৰু হৈ নিগৰি ,
তিয়াই গ'ল বুকু l
অশ্ৰু ভিজা গাল মচিব কোনে?

মনে মোৰ তোমাকেই বিচাৰে ;
এতিয়াও ......,
হয় , এতিয়াও l
সাক্ষ্য দিব অতীতৰ পল অনুপলে l
চকুৰ আঁৰৰ ৰঙীন সপোনৰ পৃষ্ঠাবোৰ ;
এবাৰ মেলি চোৱা ,
হয়তোবা মনত পৰি যায় l
কাষতে ৰুমাল এখন লৈ লোৱা ;
যদিহে গাল দুখনি ,
দুচকুৰ লোতকেৰে ভিজি যায় l
অশ্ৰু ভিজা গাল মচিব কোনে?

               🖋 খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই