শৈশৱক যদি উভতি চাওঁ
অভিযন্তাৰ মহাদৌৰ
সাজি কাগজৰ নাওঁ
ৰাস্তাৰ আৱদ্ধ বোকা পানীত
মেলি দি
পাৰ কৰিলো সোণোৱালী শৈশৱ
ভৰ দুপৰত
বগৰী বুটলি কোচত ভৰাই
মৰমতে বণ্টন কৰি
পাৰ কৰিলো সোণোৱালী শৈশৱ
কুঁহিপাঠৰ পৃষ্ঠাত
ময়ুৰৰ পাখি
সযতঁনে ৰাখি
পাৰ কৰিলো সোণোৱালী শৈশৱ
দৰা-কইনা, পুতুলা
....আৰু চিলা উৰুৱাই
সময়ৰ সোঁতত ভটিয়াই
পাৰ কৰিলো সোণোৱালী শৈশৱ
Comments
Post a Comment