সময়
ভঙা পজাটিৰ
নগ্ন বেৰত
উলমা ঘড়ীটোত
কত বৰ্তমান অতীত হ'ল
সময়বোৰ বাগৰি গৈ
তেতিয়া চুলিবোৰ ক'লা আছিল
এতিয়া শুভ্ৰতাই পাইছে
অতবছৰে কোনেও নেদেখা ভৱিষ্যত
অনাশ্য লৈ ফুৰিছে
ঘড়ীটোৰ কাঁটাৰ সন্মুখ ভাগত লৈ
প্ৰতিপল অনুপল আমি
জীৱনৰ উজু আৰু কঠিন
ক্ষণৰ অংক মিলাওতে
ক্ৰমশঃ আগুৱাই গৈছো
ভৱিষ্যতৰ অজান মুলুকলৈ
খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment