মৃত্যুৰ সতে যুঁজ

ক্ষুধাৰ্ত শগুণটোৱে, সন্মুখত আহাৰৰ গোন্ধ পাই ক্লান্তিৰ নিশ্বাস এৰিছে
পিতাইয়ে সন্তানক বুকুত সাৱটি, প্ৰাণপনে দৌৰিছে
পিঠপিছে মৃত্যুদূত,
নাজানে ঠিক কিমান দূৰত

কেৱল মুঠি মুঠি চিৎকাৰ
চিৎকাৰত ভাহি আহিছে
ইয়া আল্লাহ ! .....আমাক বচোৱা
চকুত ভয়, শংকা, নিৰাশা
-মৃত্যু অনিবাৰ্য
তথাপি দৌৰিছে, মৃত্যুক জয় কৰিবলৈ
শৰীৰৰ পানী শুকাই হৈছে, ঘাঁম নোলায়
নিঠৰ দেহা বাগৰি পৰিব

ক্ষণ গণা শগুণৰ , সময় সমাগত
নিমিষতে চিৰাচিৰ কৰি খাব, তেতিয়াহে ভোক পলাব

   🖍খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই