দেৱানী প্ৰথা আৰু সমাজ

মানুহ সামাজিক জীৱ হিচাপে সমাজৰ নিৰ্দিষ্ট কিছু নীতি নিয়মৰ বান্ধোনেৰে বান্ধ খুৱাই জীৱন পথ আগুৱাই নিয়ে,আমি সকলোৱে এক সুস্থ আৰু শৃংখল সামাজিক পৰিৱেশত থাকিব বিচাৰো; কিন্তু যিহেতু সমাজত বিভিন্ন প্ৰকাৰৰ মানুহ সমাজপাতি বাস কৰে, সেয়ে মতপাৰ্থক্য, আচাৰ-ব্যৱহাৰৰ ভিন্নতা, কৰ্মৰ উচনীচ আদি পৰিলক্ষিত হয়, সমাজ এখনত ধনী-দুখীয়া , সৎ-অসৎ,  চুৰ-ডকাইত, জুৱাৰু-মদাৰু, ধাৰ্মিক-অধাৰ্মিক আদি বিভিন্ন শ্ৰেণীৰ মানুহ থাকে, যাৰ বাবে বিভিন্ন সময়ত সমাজত সমস্যাৰ সৃষ্টিও হয়, সেই সমস্যাসমূহ সম্পূৰ্ণভাৱে নিৰ্মূল কৰাও সম্ভৱ নহয়, সমাজ আছে মানে সমস্যা থাকিব, কিন্তু সমস্যাবোৰৰ সমাধান কৰিবলৈয়ো সমাজ এখনে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে, সমাজত ঘটি থকা কিছুমান অসামাজিক কামে সমাজত অশান্তিৰ সৃষ্টি কৰে, সমাজত শান্তি বৰ্তাই ৰাখিবলৈ সমাজৰ কিছুমান বিশেষ  ব্যক্তিসকলে ভূমিকা গ্ৰহণ কৰি আহিছে; যিসকলক আমি দেৱানী বুলি জানো, দেৱানী প্ৰথা অতীজৰে পৰা চলি অহা এটি প্ৰথা, দেৱানী সকলে আমাৰ সমাজব্যৱস্থা ভাল বেয়াৰ মাজেৰে চলাই আহিছে, আমি লক্ষ্য কৰিলে দেখা পাওঁ- দেৱানী প্ৰথাৰ ত্ৰাণকৰ্তা দেৱানীসকলৰ আধিপত্য এতিয়াওঁ আছে যিবিলাক অঞ্চলত শিক্ষিতৰ হাৰ একেবাৰে কম, অশিক্ষিত মানুহ বিলাক হোজা, বূৰ্বক, ভয়াতুৰ ; যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি দেৱানীসকলে যুগ যুগ ধৰি বেছি ক্ষেত্ৰতে অশিক্ষিত ব্যক্তিসকলক অন্যায় বাবে শোষণ কৰি আহিছে , দেৱানী সকল দেশৰ সাংবিধানিক আইন বা নীতি-নিয়ম প্ৰয়োগ কৰিব নোৱাৰে যদিও প্ৰচলিত সমাজব্যৱস্থাৰ নীতি-নিয়ম মতে ক্ষমতা প্ৰয়োগ কৰা দেখা যায় , এই প্ৰথাৰ দোষ-গুণ (নেতিবাচক-ইচিবাচক) দুয়োটা দিশেই আছে দেৱানী প্ৰথাৰ দোষ আৰু দুৰ্বলতা শিশুৰ পৰা পৰা বৃদ্ধলৈকে  সকলোৱে জানে বুলি আমাৰ সকলোৰে অনুমেয়, এই প্ৰথা সচাঁকৈ স্বেচ্ছাচাৰী সামাজিক আইনী ব্যৱস্থা, ইচ্ছা কৰিলে স্বেচ্ছাচাৰীতাৰ প্ৰমাণ দিবলৈ শতাধিক উদাহৰণ লব পৰা যাব / অতি পৰিতাপৰ বিষয় - আমি জানো ইয়াৰ ইতিবাচক দিশতকৈ নেতিবাচক দিশটোহে বেছি শক্তিশালী l  দেৱানীসকলে ঘোচ লৈ চোৰ অথবা ধৰ্ষক এজনকো বচাই দিব পাৰে, মাত মাতোতা কোনো নাথাকে কাৰণ এলেকাত দেৱানীসকলেই সৰ্বেসৰ্বা l সাম্প্রতিক সময়ত শিক্ষিত সমাজ, সচেঁতন ব্যক্তিসকলে এই ব্যৱস্থাক তীব্ৰ সমালোচনা কৰা দেখা যায়; কিয়নো দেৱানী প্ৰথা প্ৰচলিত এলেকা সমুহত বহুবিবাহ, বাল্যবিবাহ , তালাক, জনসংখ্যা বিষ্ফোৰণ, জুৱা, মদ, ভাং আদিৰ প্ৰভাৱ বেছিকৈ দেখা যায় বৰঞ্চ বেছি ভাগ দেৱানীয়ে বহুবিবাহত লিপ্ত আৰু তেওঁলোকৰ সন্তান-সন্ততিৰ সংখ্যাও যথেষ্ট বেছি, তেওঁলোকে ভাৱে "লাঠি যাৰ ক্ষমতা তাৰ "  -যাৰ বংশত মানুহ বেছি তাৰ লাঠিৰ জোৰ বেছি l  এই মন্ত্ৰ আগত ৰাখি দুখীয়া, অশিক্ষিত, হোজা মানুহখিনিক ভয় আৰু প্ৰলোভন দেখুৱাই অবিচাৰ চৰিতাৰ্থ কৰে, দেৱানী সকলে কেতিয়াওঁ নিবিচাৰে যে তেওঁৰ এলেকাৰ মানুহখিনি শিক্ষিত হওঁক, এলেকাৰ মানুহ শিক্ষিত হ'লে তেওঁলোকৰ ক্ষমতাৰ অৱসান ঘটিব; তাক ভালদৰেই জানে l  তথাপি সকলো বাধা নেওঁচি তেনে অঞ্চলসমুহতো শিক্ষাৰ পোহৰে ঢুকি পাবলৈ লৈছে কিন্তু অতি উদ্দেগজনক এয়ে যে বৰ্তমান সময়তো কিছু সংখ্যক শিক্ষিত চাম আৰু দুই এটা দল সংগঠনেও এই প্ৰথা জীয়াই ৰাখিবলৈ উদ্গনি যোগাই আছে... সমাজত কেতিয়াবা কিবা অসামাজিক/বেআইনী কাম হৈ যায়, তাৰ সমাধানৰ কাৰণে সদায় আমি সাংবিধানিক আইনী ব্যৱস্থাৰ সহায় নলও বা কেতিয়াবা প্ৰয়োজনবোধ নকৰো..  তেতিয়া সামাজিক আইনী ব্যৱস্থাৰ পথ স্পষ্ট হৈ পৰে l তেতিয়াই হয়তো দেৱানী শাসন ব্যৱস্থাৰ ত্ৰানকৰ্তা সকলে সুযোগলৈ দুয়োটা ফৈদৰ পৰা টকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে আৰু সফলো হয় কিন্তু সমাধান কাৰো গ্ৰহনযোগ্য নহয় l
        এই প্ৰথাৰ অৱসান ঘটক বুলি কোৱাৰ বহুতো মূল কাৰক আছে যদিও আমি বৰ্তমানে পোৱা সমাজখন এদিনতেই গঢ়লৈ উঠা নাই, বৰ্তমানৰ সমাজখন ক্ৰমবিকাশৰ ফল l চাৰ্লচ বেবেজে কেল্কোলেটৰ আৱিস্কাৰ কৰিছিল আৰু সময়ে সময়ে ইয়াৰ develope হোৱাৰ পিছত আমি পালো আজিৰ কম্পিউটাৰ..... আজি আমি কম্পিউটাৰৰ দ্বাৰা পৃথিৱীক আঙুলিৰ মূৰত নচুৱাই আছো কিন্তু কেল্কোলেটৰৰ মূল্য পাহৰিলেও নহব l  সাম্প্ৰতিক সময়ত দেৱানী প্ৰথাই শিক্ষিত সমাজক প্ৰভাৱিত কৰিব পৰা নাই সেইটো সচাঁ, আজিৰ শিক্ষিত সমাজে তাৰ পৰিপূৰক চিন্তা কৰাটো অতি দৰকাৰ..... কিন্তু সেইবুলি দেৱানী প্ৰথাই আমাৰ সমাজখনৰ কাৰণে একো কৰা নাই বুলি ক'লে মোৰ বোধেৰে ভূল হব,, দেৱানী সকলেও আমাৰ সমাজখনক এটা মিলাপ্ৰীতিৰ বান্ধোনত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে.... বহু অঞ্চলত ৰাইজৰ মঙ্গলৰ বাবে ৰাজহুৱা অনুষ্ঠান যেনে - বিদ্যালয়, মাদ্ৰাছা, মোক্তাব আদি পাতি দেৱানীসকলে ভৱিষ্যত প্ৰজন্মৰ বাবে শিক্ষাৰ বাট মুকলি কৰি থৈ গৈছে তেনেবোৰ ক্ষেত্ৰত আমি নিশ্চয়কৈ ক'ব পাৰো যে, আমি দেৱানী প্ৰথাৰ জখলা বগাই বৰ্তমানৰ সমাজখনক উৎঘাটন কৰিব পাৰিলো, শিক্ষিতব্যক্তিসকলে আমাৰ বৰ্তমানৰ সমাজখনক ভৱিষ্যতলৈ কেনেকৈ আগুৱাই লৈ যায় সেয়াহে লক্ষ্যণীয় l

           খন্দকাৰ জাহাঙ্গীৰ আলম
            ধলপুৰ, ছিপাঝাৰ(দৰং)
            ফোন: ৯৭৬৭৮৭৬৯৫১০

Comments

Popular posts from this blog

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই