ক্ষুদ্ৰতম নদীদ্বীপ

কুৰুৱা, অপৰীয়া আৰু ধলপুৰ পাহাৰ দৰং জিলাৰ ঐতিহ্য, ধলপুৰ আৰু অপৰীয়া পাহাৰ দুখন মুছলিম অধ্যুষিত এলেকাত অৱস্থিত, ধলপুৰ পাহাৰত হিন্দুসকলৰ বাবে শিৱ মন্দিৰ আৰু অপৰীয়া পাহাৰত মুছলমানৰ বাবে এখন মছজিদ আছে, শিৱ মন্দিৰত বিভিন্ন ঠাইৰ পৰা ভক্ত সকল আহে, পূজা পাতল কৰে, ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাও অনুদান পাইছে , যাৰ দ্বাৰা মন্দিৰৰ উন্নয়নমুলক কাম কৰিছে ...
         ইফালে অপৰীয়া পাহাৰ আৰু মছজিদ জনশূণ্য হৈ পৰি আছে, আগতে পাহাৰখনৰ চাৰিওপিনে জনবসতি আছিল আনকি পাহাৰত থাকি মছজিদৰ ঈমামে মছজিদ খন চোৱা চিতা কৰি আছিল... দুৰ্ভাগ্যজনক যে দুই তিনি বছৰ আগতে  চাৰিকাষে থকা গাওঁ সমূহ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যায়, সেই হেতুকে সৰু পাহাৰখন ব্ৰহ্মপুত্ৰৰ মাজত পৰিছে, যাক এতিয়া পৃথিৱীৰ আটাইতকৈ সৰু দ্বীপ বুলিব পাৰি, এবছৰ আগতে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহে শুক্ৰবাৰৰ জুম্মাৰ নামাজ আদায় কৰি আছিল, তেতিয়া হয়তো দ্বীপটো জনবসতিৰ পৰা বেছি নিলগত নাছিল, কিন্তু বৰ্তমান দূৰত্ব বেছি হোৱা কাৰণে কোনেও তালৈ নাযায়, হয়তো দুটা কাৰণত যাব নোখোজে-
(১) তালৈ যাবলৈ হ'লে সময়মতে যন্ত্ৰচালিত নাওঁৰ প্ৰয়োজন হয়
(২) সময়ৰ অপচয় হয়
যাৰ ফলত ঠাইডোখৰ এতিয়া অৱহেলিত পৰি আছে, কাৰো সেইফালে চোৱা বা চিন্তা কৰাৰ মানসিকতা গঢ় লৈ উঠা নাই l কিন্তু যোৱা কিছুদিন আগতে গোৱালপাৰা, ধুবুৰী, বঙাইগাওঁ জিলাৰ এটা দল আহি অপৰীয়া দ্বীপখনৰ মনোমোহা দৃশ্যত আপ্লুত হয় আৰু সকলোৱে ফেচবুকত পোষ্ট কৰিবলৈ লয়, যাৰ ফলত ইতিমধ্যে হায়দৰাবাদৰ এন জি ও এটাই দ্বীপটোক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব বিচাৰে বুলি জানিব দিছে, সচাঁ মিছা ক'ব নোৱাৰিম কিন্তু খবৰটো শুনি খুবেই আনন্দিত আৰু আকৰ্ষিত হৈছো, যদি সচাঁকৈ দ্বীপটোক পৰ্যটনস্থলী বনায় তেন্তে ই দৰং তথা অসমৰ গৌৰৱৰ বিষয় হ'ব, তেতিয়া হয়তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু আটাইতকৈ সৰু দ্বীপ অপৰীয়া পাহাৰ হ'ব, দুয়োটা গৌৰৱ অসমে কঢ়িয়াবলৈ সক্ষম হ'ব

      

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

মানুস হয়ে বেচে থাকি সবাই