অনুভৱ
অনুভৱ মোৰ হৃদয়ৰ বাসনা নহয়,
কল্পনাও নহয়.....
জানানে তুমি...!
অনুভৱ মোৰ যুগ-যুগান্ত লৈ ফুৰা
এটি কলীয়া ডাৱৰ......
মোৰ আত্মাত থিতাপিত বৰ বিষ ॥
মোৰ শৈশৱ-কৈশোৰৰ লগৰী তুমি ,
তুমিহীন বেদনাই মোক খেদি ফুৰে
পলে অনুপলে....
মোৰ হৃদয়ৰ কোণত অক্লান্ত বিষ বিৰাজমান .....
প্ৰতিটো পলে-অনুপলে ॥
কেতিয়াবা সাগৰৰ পাৰত,
কেতিয়াবা নদীৰ পাৰত,
কেতিয়াবা ধলপুৰ পাহাৰৰ দাঁতিত,
যতে যাওঁ......
তোমাৰ সত্বা মোৰ দেহৰ
শিৰা-উপ-শিৰাত বৈ থাকে ॥
মা তোমাক একো দিব নোৱাৰিলো
আজি তোমাৰ ঠিকনা বৃদ্ধাশ্ৰম ॥
আজি মই ডাঙৰ হলো মা...
তোমাৰ কাপোৰ আৰু নষ্ট নকৰো
মই দোলনাত শুই কান্দি কান্দি
তোমাক আমনি নকৰো ॥
মা তুমি অবিহনে
মোৰ হৃদয়ৰ উচপনি.....????
মই সুখত আছো মা
মা মই বহুত সুখত আছো
মই সুখত..........মা ॥
বি:দ্ৰ: বৃদ্ধাশ্ৰমত থকা মাতৃসকলক সমৰ্পিত......
Comments
Post a Comment