বন্ধ মনৰ কোঠা

বন্ধ মনৰ দুৱাৰডলিত,
কোনে টুকৰিয়াই?
উকা মনৰ দুৱাৰমুখত;
উলমিছে মামৰে ধৰা তলা,
কেতিয়াবাই হেৰাল চাবিপাত;
বিচাৰি হায়ৰান l
বন্ধ কোঠা;
বন্ধ থাকক,
খোলাৰ কি প্ৰয়োজন?
ক্ষত-বিক্ষত অন্তৰ মোৰ,
পচি-গলি দুৰ্গন্ধ -.....
খুলি তোমাৰ মনে
পাব জানো আনন্দ?
তুমি উভতি যোৱা,
অন্য দুৱাৰত মাৰাগৈ টুকৰ
এই অন্তৰৰ আশা এৰা,
জীৱন কটোৱাগৈ আনন্দ সুখৰ l

               খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই