অবৈধ মিলনৰ পৰিণতি

অতৃপ্ত সুখৰ আকুলতা ; 
ব্যাকুল দুটি দেহা ;
যৌৱন আৰু যৌন ক্ষুধাৰ তাড়ণাত ;
কামনা-বাসনা নিৰ্জনতাৰ কোলাত ;
সম্ভোগৰ বাবে এই অবৈধ মিলন ;
ডিম্বানুলৈ শুক্ৰানুৰ নিৰ্গত অপৱিত্ৰ জলটোপাল l

তোৰ আৰু তাইৰ মহাসুখৰ ফল ;
এটি নিষ্পাপী শিশু ,
যাক সমাজে স্বীকৃতি দিয়ে অবৈধ l
- সমাজ নে? ...তহঁত পশু ;
মাতৃত্বৰ বোজা বহন কৰিব নোৱাৰা ,
.....কোন তই? মালিনী, শেৱালি নে বসুন্ধৰা l

ঐ নৰ পিশাচিনী !
তোৰ পাপৰ বলি ;
ৰাস্তাৰ দাঁতি, ডাষ্টবিন, নলা অথবা পিতনি ;
পলিথিনৰ ভিতৰতে অকাল মৃত্যুৰ ছটফটনি
তোৰ আত্মাৰ মমতাহীন কঠোৰতা ;
নাছিল নে এদানী মানৱতা ?
          
ঐ নৰ্দমাৰ কীট !
তোৰ তেজৰ পৰা নিগৰিত ;
অংকুৰিত বীজ ,
আজি নৰ্দমাতেই গ'ল বিলীন l
প্ৰকৃততে .........,
জীৱশ্ৰেষ্ঠক লজ্জানত কৰা;
তহঁত দুটা ইতঁৰ প্ৰাণী l

                         খন্দকাৰ জাহাঙ্গীৰ আলম
          
          
          

         

           
            
           
           
           

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই