বুৰ্বকৰ সমাহাৰ
*নিজৰ জীৱনত ঘটা সচাঁ কাহিনী ...*
---------------------------------------------------
এদিনাখন মই আৰু মোৰ মৰমৰ ভাইটি বাবুল খানে হাজোলৈ মোৰ বন্ধুৰ (মোৰ বন্ধু বাবুলৰ দাদা)ঘৰত ফুৰিব গৈছিলো ৰোজাৰ দিনত ।আমি গধূলি উপস্থিত হলো....পিছদিনা ৰাতিপূৱা তাৰে বিলত বহুত হাহঁ চৰি ফুৰা দেখিলো ।বাবুলক কলো যে হাহঁ এটা ধৰিম.....বাবুলে পূৰ্বে এনেকৈ ভোজঁ খাই বুলি মোক জনালে,কথা মতে কাম ।আমি দুয়ো ৰোজা নাৰাখো ।বাবুল আৰু বন্ধুৰ ভাইটিয়ে বিলৰ পৰা হাহঁ উঠি আহি তাহাতৰ ঘৰত প্ৰৱেশ কৰা মাত্ৰে ধৰি মোক ফুচফুচাই কলে যে ধৰিছো,আহক । মই গৈ হালাল কৰিলো ।হালাল কৰাৰ পাছত বুৰ্বকৰ দৰে থিয় হৈ চিন্তা কৰিব ধৰিলো ,ক'ত থম -ক'ত কি কৰিম । তাৰ পিছত ৰাতিলৈ অপেক্ষা কৰিলো ,ভিতৰি ভিতৰি ভয়ো কৰি আছো ।১০০ টকাত হাহঁ পায় ।কি মুৰ্খামি কৰিলো ??নিজকে প্ৰশ্ন ...
ৰাতি ওচৰৰ কহুৱা পথাৰত গৈ ৩ জনে চাল গুচাই কোনোমতে লৈ আহিলো ।সিহঁতৰ ঘৰৰ মানুহে সেই মাংস নাখায় ।ৰাতি ৰান্ধি বাবুল আৰু মোক খাবলৈ দিলে ,ভিতৰত ভয় যদিও আমি খালো....। পিছদিনা ৰাতি পূৱা হাহঁৰ গাৰকীয়ে হাহঁ বিচাৰি আহিল ।দুৰ্ভাগ্যবশতঃ হাহঁৰ হাড় বোৰ দমকলৰ ওচৰত বন্ধুৰ ঘৈণীয়েকে পেলাইছিল ।হাহঁৰ গৰাকীয়ে বোকাৰ পৰা হাড় বোৰ বিছাৰি আনি ক'লে যে, এয়া মোৰ হাহঁৰ হাড় ।তোমালোকে যোৱা ৰাতি কিহেৰে ভাত খাইছা ? আমি দুয়ো ভয়-শংকা আৰু লাজত ঘৰৰ ভিতৰত সোমাই আছো ।হাহঁৰ মালিকে বিচাৰ পাতিম বুলি গাৱৰ মাজত ওলাই গল ।পূৱা আমাক ভাত খাবলৈ দিছে,ভাত ভিতৰত নেযায় ।আমাৰ চিন্তাত সাগৰ শুকাই গ'ল ।আমাৰ আৰু ভাত-চাত খাবলে মন নোযোৱা হ'ল ।বুৰ্বকৰ দৰে ভেবা লাগি দিনটো পাৰ কৰি ,কিবা কে ৰাতিটো হোৱালৈ অপেক্ষা কৰিলো ।পিছদিনা ধলপুৱা কুৱলিত আমি তাৰ পৰা অন্তৰ্ধান হৈ ঘৰমূৱা হলো ।হাজো মেলপাৰাত আহি গাড়ীত উঠাৰ পিছতহে স্বস্তিৰ নিশ্বাস পেলাওঁ ।মোৰ জীৱনৰ বুৰ্বকামি কামৰ এইটো এটা ।
বি:দ্ৰ:অৱশ্যে মোৰ বন্ধুজন হাহঁৰ দামটো দিয়া বুলি জনাইছে ।তেওঁ তাৰে দেৱানী আছিল ।ভাইটি বাবুল ইয়াৰ চিৰন্তন সাক্ষী....আপোনালোকৰ মতে বুৰ্বকামি নহলেও মই কিন্ত্ত বহুত বুৰ্বক অনুভৱ কৰিছিলো ।
✍ বিল্লাল হুছেইন
মই তেতিয়া নৱম শ্ৰেণীত পঢ়ো, এদিনা খন চুলতান নামৰ সহপাঠী বন্ধুজনে মোৰ বাওঁফালে বহিছিল, সমাজ বিদ্যা বিষয়ৰ পাঠদান কৰা ছাৰজনে কোনোবা পাঠ এটাৰ পাঠদান দি আছিল, পেৰিয়ড চলাকালীন অৱস্থাত সহপাঠী বন্ধুজনে মোৰ বাওঁফালৰ ভৰিৰ কাষতে তেওঁৰ সোঁফালৰ ভৰিৰে খেলনা পিস্তলৰ বাৰুদ(সৰু সৰু ল'ৰা-ছোৱালীয়ে খেলনা পিস্তলত ব্যৱহাৰ কৰা ফিটাৰ দৰে কাগজৰ ভিতৰত থকা বাৰুদৰ গুলি) পকী মজিয়াত ভৰিৰে মোহাৰি দিয়াৰ লগে লগে থাআাাাআাাাাচ কৈ শব্দ হৈছিল, ..... কি হ'ল কি, কি হ'ল -হুৱাদুৱা লাগি গ'ল l অন্য অন্য শ্ৰেণীত পাঠদান কৰি থকা ছাৰ আৰু ছাত্ৰ-ছাত্ৰী সকল আমাৰ শ্ৰেণীকোঠাৰ দুৱাৰৰ সন্মুখত আহি ৰ'লহি , কিন্তু আহি দেখা পালে কোঠাত ছাৰ আছেই... গতিকে ছাৰসকলে নিজৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ তাৰ পৰা আতৰি আহিল, ইতিমধ্যে আমাৰ সমাজ বিদ্যা বিষয়ৰ ছাৰজনে লাজত ৰঙা পৰি গৈছিল... কাৰণ তেখেত শ্ৰেণীকোঠাত উপস্থিত থকা স্বত্তেও তেনে ঘটনা কেনেকৈ ঘটিব পাৰিলে ..... ? তৎমূহুৰ্তে ছাৰে চকীদাৰক চিঞৰি মাতি অফিচৰ পৰা এছাৰি এডাল আনিব দিলে... ছাৰৰ ৰুদ্ৰমূৰ্তি দেখা পাই চুলতান ভয়তে কঁপি আছেহি.... চকীদাৰে ছাৰৰ হাতত এছাৰি ডাল তুলি দিলে ; ছাৰে এছাৰি ডাল পাইয়েই পোনে পোনে মোৰ পিছফালে আহিয়েই পিঠিত চাৰিটা মান কোব বহাই দিলে ..... মই বুৰ্বকৰ নিচিনা থিয় হৈ ছাৰক ক'লো - ছাৰ আপুনি মোক কিয় মাৰিলে? .............. কামটো কিন্তু মই কৰা নাই ছাৰ, মই ইয়াৰ বিষয়ে একো নাজানো l
সঁচাই কৈছো ঘটনাটো মনত পৰিলে আজিও পিঠি বিষাই যায়l 😂
খন্দকাৰ জাহাঙ্গীৰ আলম
মোৰ জীৱনৰ এটি বাস্তৱ লজ্জা জনক ও বুৰ্বকি ঘটনা।
২০১৪ চনৰ নবেম্বৰ মাহৰ ঘটনা। মোৰ মৃত জেঠাৰ (আল্লাই তেখেতক জান্নাত নছিব কৰক) ডাঙৰ পুত্ৰৰ বিয়া আছিলে। মোৰ আন এক জেঠাই তেওঁৰ (মৃত জেঠাৰ ল'ৰা নাম হাবিজুৰ) ৰ বাবে বহুত ছোৱালী চালে। গৈ গৈ শেষত বঙাইগাঁও জিলাৰ অন্তৰ্গত নম্বৰ পাৰত এজনী চাব গল সিদানাখন মোকো লগত লৈ গল.... । ছোৱালী চাই খোৱালোৱা কৰি মোৰ জেঠায় মোকে ধৰি আৰু দুজন মানক মাতি অলপ দুৰত নি আমাৰ আগতে হাবিজুৰ (বিয়া কৰিব বিচৰাজন) ক সুধিলে যে তোৰ পচন্দ হয়নে? প্ৰশ্ন পাই হাবিজুৰ বেচাৰাই সকলোৰে আগত কৈ পেলালে নহয় " হ' হব অতো দেহা দেহি বাদ দিয়া এই ডাই নিলি ঐলো, পাল্লি আইছকাই নিয়া গেলি ঐলো"........
কথামতেই কাম, সেইদিনাখনেই বিয়া কৰোৱাই লৈ আহিল। পিছদিনা খন শশুৰ ঘৰ (মোৰ তাৱৈ ঘৰ) ত মোকো লৈ গল। হায়ৰে কতো যে কি নিয়ম.... যিকিনহওঁক পিছদিনাখন ৰাতিপুৱা শুই উঠি মই ঢামাটোত পানী সোমাই লৈ গলো নহয় অফিছত (পায়খানা)। অফিছৰ যিহে অৱস্থা নাবোলে আছে কোনো দৰ্জা নাবোলে চাংৰ অৱস্থা ভাল দৰ্জাৰ নামত আছে সন্মুখত ফটা বস্তাৰে পৰ্দা। অফিচৰ এই অৱস্থা চাই ভয়তে কঁপি কঁপি উঠিলোঁ, নাজানোঁ কেতিয়াবা পৰি যাওঁ যিহে চাংৰ অৱস্থা যিকি নহওঁক কোনোমতে উঠি এবাৰ ঠাই ৭ বাৰ আল্লাৰ নাম লৈ আছো আৰু বিন্দাছ মই মোৰ কাম চলাই আছো কিন্তু দুৰ্ভাগ্যৰ বিষয় যিটো ঢামালৈ অফিচত আহিব লাগে মই সিটো নলৈ লৈ আহিছিলো গা ধোৱা ঢামাটোকে খা বাপ্পেকে। ক্ষন্তেক সময়ৰ পিছতে দেখিলোঁ যে সেই অফিচত অহা ঢামাটোক পানী লৈ মাৱৈ আহি কোনো কথা নাই বতৰা নাই দাঙি দিলে নহয় অফিচৰ দৰ্জা সদৃশ পৰ্দাটো.... মই বাপ্পেকে মাৱৈক চাই মূৰটো যে তল ফালে দিছিলোঁ অতি কমেওঁ ১৫ মিনিট সময় মই মূৰ তলমূৱাকৈ ৰাখিছিলোঁ........ ইয়াৰ পিছৰ পৰিণতি কি হ'ব পাৰে এবাৰ আপোনালোকে নিজেই ভাৱি চাওক।
এই সকলো ঘটনাৰ মূল আছিল সামান্য ঢামা এটা নিৰ্ধাৰণ কৰা ভুল।.....
মাজিদুল ইছলাম
মোৰ জীৱনৰ শেৰা ঘটনা এটা ঘটনা কম।
আজিৰ পৰা ১৮বছৰমান আগৰ জীয়া কাহিনী । বিয়া কৰোৱা মাত্ৰ ছমাহ মান হৈছে ।ঘৰত পৰিয়াল বোলোতে মাত্ৰ দুজনেই । গৰীবী অৱস্থা, ঘৰত কোনো বিজুলিৰ ব্যৱস্থা নাছিল, তাতে আকৌ খেৰীঘৰ।দিনৰ দিনটো মই নিজ ব্যৱসায়ত ব্যস্ত থাকি ৰাতি ঘৰলৈ আহো। এদিনাখন ৰাতি টিপ টিপ বৰষুণ দি আছিল, বোকাময় ৰাস্তা,লংপেণ্ট আঠুলৈকে উঠোৱা, তাতে আকৌ চিনা জোকৰও ভয়।ঘৰত আহি কোনোমতে পোৱাৰ লগে লগে মানুহজনীয়ে হাৰিকেন লৈ বাহিৰত আহি মোক দেখিয়েই "অ মাগো জোক" বুলি চিঞৰ মাৰি দিলে । তাৰ চিঞৰত মই পুৰুষ মানুহজনও অজানিতেই চেপা চিঞৰ এটা মাৰিলো । মিছা কলে কিডাল হব জোক দেখি মইও ভয় কৰো ।তথাপি সাহস কৰি হাৰিকেনটো ওচৰলৈ আনিব কোৱাত ভয়ে ভয়ে ওচৰলৈ পোহৰ অনাত গম পালো যে ই জোক নহয় কিবা জংগল হে।পিছে মনতে সাহ কৰি হাত ভৰি ধুই মাত্ৰ ঘৰত সোমাইছোহে এনেতে চকীৰ ওচৰত প্ৰকান্ড সাপৰ লেটু এটাত মোৰ ভৰি পৰিলত এইবাৰ মই চিঞৰি উঠিলো সাপ সাপ বুলি, লগে লগে মানুজনীয়েও চিঞৰি দিয়াত হাতৰ পৰা হাৰিকেনটো পৰি গল। মইও একেজাপে চকীত উঠি বহি পৰিলো মানুহজনীয়েও তুৰন্তে মোক ধৰি চকীত উঠিলে।হাৰিকেনটো ধপ্ ধপ্ কৰি নুমাই গল।উপায় নাই কাষত কোনো দিয়াচলাই ও নাই, মানে আলমাৰীতহে আছে হাতৰ কাষত নাই ।কিন্তু আন্ধাৰত কোনে বিচাৰি যাব? তাতে সাপটো বা কোন পৰিস্থিতিত আছে? ক্ষন্তেক আগতে পোৱা ভয়টোয়েই শেষ হোৱা নাই, তাতে আকৌ ভূতৰ ওপৰত দানহ । কোনোমতে দুজনেই বৰ জটিল পৰিস্থিতিত ভয়, শংকাত চকীতে বহি থাকিলো ।এনেকি ঘৰৰ দৰ্জাটোও দিবলৈ সাহ নকৰিলো। যিমান পাৰো দুজনেই দোৱা দৰুদ বোৰ আওৰাবলৈ ধৰিলো। অশেষ ৰুদ্ধশ্বাস পৰিস্থিতিত কেতিয়া যে ৰাতিটো পুৱাব তাৰ অপেক্ষাত সময় কটালো।এটাই মাত্ৰ চিন্তা কাক বা কামোৰে আৰু কামোৰা মানেই নিশ্চিত মৃত্যু ।মৃত্যু ভয়ৰ যন্ত্রনাই অৰ্ধমৃত অৱস্থাত কেতিয়া যে ফজৰৰ আজান দিলে, মাইকত শব্দটো শুনাৰ পাছত হে হুচ আহিল জীৱাই আছো বুলি । কিছু সময়ৰ পাছত যেতিয়া ধলপুৱা হৈছিল তেতিয়া আমি দুয়ো সাউতকৈ চকীৰ পৰা নামি চিধায় ৰাস্তাত ওলালো। ৰাতি পুৱালত পৰশী এঘৰৰ মানুহক মানে অলপ দূৰৰ এঘৰৰ মানুহক মাতি উঠালো।কথাটো সিহতঁক ভাঙি পাতি কোৱাত মানুহজনে এটা ডাঙৰ লাঠি লৈ আহিল মইও পুৰুষ মানুহজনে হাতত লাঠি এটা লৈ ভয়ে ভয়ে দুয়োজনে আমাৰ ঘৰত প্ৰৱেশ কৰিলো।বহুত সতৰ্কৰে সাপটোক বিচাৰিলো ।অৱশেষত সাপটোক দেখা পালো চকীৰ তলত সোমাই আছে । কোনো চিন্তা নকৰি মাৰিলো কোব ।একেবাৰে কোবৰ ওপৰত কোব।মোৰ লগতে মানুহজনেও দুকোব মান মাৰিলে। খংত মৰা কোবে সাপটো লৰচৰ নকৰা দেখি, মৰিল বুলি লাঠিৰে বাহিৰত উলিয়াই আনিলো। উলিয়াই অনাৰ পাছত দেখিলোঁ সেয়া সাপ নাছিল, আছিল চাইকেলত বেটাৰী বন্ধা টায়াৰৰ ৰছীহে । লজ্জাত মূৰ নত হৈ গৈছিল, মানুহজনেও মোক খুব হাহিঁছিল লগতে মোৰ মানুহজনীৰ ওচৰত ভীৰুতা অনুভৱ কৰিছিলো । মানুহ যে পৰিস্থিতিত পৰি এনে বুৰ্বক হব পাৰে সেই কথা মনত পৰিলে এতিয়াও মই শিয়ৰি উঠো। এটা ৰাতিৰ ৰুদ্ধশ্বাস বুৰ্বকৰ এক জীয়া কাহিনী শ্বেয়াৰ কৰিব পাৰি অলপ স্বস্তিৰ নিশ্বাস পেলালো ।
জাকিৰ হুছেইন
এই যে জানে আলম ডাঙৰীয়া নামৰ মানুহ জনৰ কথাকে কম.এই মানুহ জনে মোক একদিন মহাবুৰ্বক বনাইছিল.আজি আকৌ তেওঁৰে topic ৰ পাল্লাত পৰিলো.এদিন হঠাৎ ৰাতি পোৱা মোক ফোন কৰিলে মই তেতিয়া মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র.মঙলদৈতে ৰুম ভাড়া কৰি থাকো.ৰাতিপোৱা তেওঁৰ ফোনটো পাই receive কৰিলো.তেওঁ মোক কলে যে মই(মানুহজন)মঙলদৈ আহিছো আপোনাৰ ৰুমত যাম পাৰিলে এতিয়াই মোক(মানুহজনক)লগ ধৰক.থানাৰ আগত ৰৈ থকা বুলি কলে.মই আৰু দেৰি নকৰি চাইকেলখন লৈ ডাইৰেক্ট গুচি গলো.তাতে যায় মানুহজনলৈ বিচাৰি নাপাই মই ফোন লগালো......তেওঁ মোকে ওলটাই দম দিব ধৰিলে.পিছত মই কলো আৰে বাবা মই আপোনাৰ কাৰনে ৰৈ আছো...
শেষত তেওঁ মোক হাহিঁ হাঁহি কলে যে
আপোনি নাজানে নেকি আজি যে এপ্ৰিলফুল...
তেতিয়া হাঁহি হাঁহি মহাবুৰ্বকৰ দৰে আকৌ ৰুমলে গুৰি আহিলো.
মানুহজন চিনি পাইছে নহয় কোন হব...
জানে আলম ডাঙৰীয়া
বাবুল খান
মোৰ জীৱনৰ বাস্তৱ আৰু সত্য ঘটনা কবলৈ ওলাইছোঁ ৷ ২০১০ চনৰ জানুৱাৰী মাহৰ ২০ তাৰিখত বিয়া কৰিছোঁ ৷ বিয়াৰ এক সপ্তাহ দহ দিন মান পিছত শশুৰ ঘৰত গৈছোঁ ৷ যাই দেখোঁ চোতালৰ মাজত পিছমুৱাকৈ এজনী মহিলা থিয় হৈ আছে। সেই সময়ত ভাবিলোঁ এইজনী মোৰ শাহুৰী হব, মা বুলি মাতি দিয়াত সি লগে লগে মোৰ পিনে ঘুৰি চালে ৷ শাহুৰী মা তো নহয় শালাৰ বৌ ভাবী, সেই সময়ৰ নিচিনা বুৰ্বক মোৰ জীৱনত কেতিয়াও হোৱা নাই ৷
জিয়াৰুল ইছলাম
মোৰ জীৱনৰ এটি সচাঁ ঘটনাৰ অৱতাৰনা কৰিব বিচাৰিছো....আজিৰ পৰা প্ৰায় ১৪ বছৰ আগৰ ঘটনা,এদিন গৰুখুঁটি গাওঁৰ পৰা আমাৰ ঘৰলৈ চাৰিজনী ছোৱালী ফুৰিবলৈ আহিছিল,তাৰে এগৰাকীক বাইদেউ বুলি সম্বোধন কৰিছিলো(মোতকৈ বয়সত ডাঙৰ হোৱা বাবে),কিন্তু আন তিনিজনী মোৰ চিনাকি নাছিল,তেওঁলোকে কপালত ফোট লৈ মেখেলা চাদৰ পৰিধান কৰি আহিছিল,ভুলতে সেই তিনি জনীক খুড়ী বুলি সম্বোধন কৰি আছিলো,চাহ পানীৰে আপ্যায়ন কৰাৰ অন্তত তেওঁলোক যাবলৈ ওলাল,আলহীক ৰাস্তালৈ আগবঢ়াই দিও বুলি ধলপুৰ বজাৰলৈ আগবাঢ়ি অহাৰ পিছতহে উৰহী গছৰ ওৰ ওলাল,মানে ইমান সময় যিকেইজনীক মই খুড়ী বুলি কৈছিলো,তেওঁলোকে বিয়া হোৱাই নাছিল...সেই মহুৰ্তত শিল পৰা কপৌৰ দৰে থৰ লাগি ৰৈ আছিলো
ছোলেমান আলী
মোৰ শৈশৱৰ সেই স্মৃতিৰ ৰোমন্থণ ::
মই যেতিয়া চতুর্থ শ্ৰেনীত পঢ়ো সেই সময়ৰ এটা স্মৃতি হঠাৎ মনত পৰা বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো।মই আৰু মোৰ সেইসময়ৰ জনৈক বন্ধু দুজনে স্কুল ছুটীৰ পিছত ঘৰলৈ আহি আছিলো ।স্কুল এৰি অহাৰ কিছু দূৰত ৰাস্তাৰ কাষত এটা বগৰী গছ আছিল ।চ'ত মহীয়া সময়ত বগৰী পকাৰ ভৰপক সময় আৰু সেই বয়সত বগৰীৰ প্ৰতি লোভ এটা থাকেই দিয়কচোন । বগৰী গছজোপাত তলৰ পৰা ভালেখিনি ওপৰলৈ কোনো ডাল নাছিল । গছত থকা পকা পকা বগৰীবোৰ চাই আমাৰ জিভাই পানী এৰি দিছিল । কোনোমতেই কোনেও গছত উঠিব নোৱাৰা হলো। মোৰ এনেই গছত উঠাৰ অভ্যাস কম আছিল । ইফালে বগৰীৰ প্ৰতি লোভ, আনফালে গছত উঠিব নোৱাৰাৰ এক যন্ত্ৰণা । দুয়ো বিমোৰত পৰি গলো, অৱশেষত মোৰ মনত এটা বুদ্ধি খেলালে। মই বন্ধুজনক কলো কিতাপবোৰ এখন ঠাইত থৈ দিও আৰু মই গছটো ধৰি বহি দিও তই মোৰ কান্ধত উঠিবি । কথামতেই কাম,মই বহি দিলো সি মোৰ কান্ধত উঠিল মই লাহে লাহে থিয় দিলো ।তাক কান্ধত ৰখা সময়খিনিত যথেষ্ট কষ্ট পাইছিলো।অৱশেষত বন্ধুজনে বগৰী গছৰ ডাল পোৱাত লাহে লাহে ইডাল সিডাল কৰি পকা পকা বগৰীত হাত দিলে । সি এফালৰ পৰা বগৰীবোৰ টপ্ টপ্ কৈ মূখত ভৰোৱা আৰম্ভ কৰিলে আৰু কিছু বগৰী তাৰ হাফপেন্টৰ পকেটত সোমাবলৈ ধৰিলে।মই বেচেৰা তলৰ পৰা বহুত চিঞৰলো মোৰ বাবে কেইটামান দেনা!! সি মোৰ কথা পাহৰি গল তাৰ ভৰিৰ গচকত যি দুই এটা সৰি পৰে তাকেই মই বেচেৰাই বুটলি খাব ধৰিলো। সি ইচ্ছামতে খাই থাকিল আৰু নিজৰ পকেট ভৰ্তি কৰি ললে ।অথচ মোৰ কথা সি গুৰুত্ব নিদিয়া হল। মোৰ তেতিয়া অনুভৱ হৈছিল "যাক মই কান্ধত তুলি গছত উঠাই দিলো সি মোৰ কথা নিমিষতে পাহৰি গ'ল"! তেতিয়া মই বৰ অনুতাপ কৰিছিলো, কিয় মই তাক গছত উঠাই দি তাৰ ভৰিৰ গচকত পৰা বগৰীৰ অপেক্ষাত থাকিবলগীয়া হ'ল? গছত উঠাৰ বাবে যাক মই মোৰ কান্ধ পাতি দিলো তাৰ দয়াৰ পাত্ৰ হৈ মই থাকিব লগা হ'ল! এতিয়াও সেই স্মৃতি পাহৰিব পৰা নাই।
জাকিৰ হুছেইন
Comments
Post a Comment