ব্যস্ততাৰ পৰিসমাপ্তি বিচাৰি
ব্যস্ততা, তই বৰ হৃদয়হীন
প্রকৃতিৰ সত্বাৰ পৰা আজুৰি অনা
ক্ষণস্থায়ী মানৱ জীৱন মাথোঁ
কোৰ্লাহালতেই উজাৰি দিলো
ব্যস্ততা,তই বৰ হৃদয়হীন
বন্ধ কুঠৰীত আৱদ্ধ হৈ থকা বৃদ্ধ মাতৃ
ক্ষণিক সান্নিধ্যৰ বাবে কৰিছে কাকুতি
যিয়ে সন্তানৰ সুখৰ বাবে দিলে সৰ্ব্বস্ব উজাৰি
বিদায়ীপৰত সংগিনী মাথোঁ আথে বেথে
যতনাই ৰখা বাৰ্ধক্যই চোবাই থোৱা
কেঁথা, কম্বল আৰু এটি দোপাট্টা
ব্যস্ততা,তই বৰ হৃদয়হীন
আধুনিকতাই ভক্ষণ কৰা জীৱন-জীৱিকা
সম্পদ আহৰণৰ সমৰ সজ্জা
মানৱতাহীন কামুক ইন্দ্ৰিয়ই আনি দিয়ে চঞ্চলতা
কৃত্ৰিমতাৰ আকুলতাই নিলৰ্জ্জতাৰ চৰম নিদৰ্শন
ব্যস্ততা,তই বৰ হৃদয়হীন
✍ ছোলেমান আলী
📱৯৮৫৯২৩৩৭৫৩
Comments
Post a Comment