এগৰাকী ধৰ্ষিতাৰ আৰ্তনাদ

আই মোক ভূল নুবুজিবা,
মই ভাৰ্জিন নহয়
ক্ষুধাতুৰ দানৱৰ চিকাৰ হৈছো মই
আই মোক ভূল নুবুজিবা
সিদিনা নিৰ্জনতা ফালি আপোনজনক বিচাৰোতেই..
নষ্ট সময়ৰ দুবাহুত আৱদ্ধ হ'লো মই
আই মোক ভূল নুবুজিবা
মই ভাৰ্জিন নহয়

মোৰো সপোন আছিল সতী-সাধ্বী হোৱাৰ
নাই,নোৱাৰিলো মই নি:সহায়..
মই যে ঘোৰ অমানিশাৰ নিষ্ঠুৰ হাতোৰাত বন্দী
আই মোক ভূল নুবুজিবা
মই ভাৰ্জিন নহয়

অমানিশাক পৰাজয় কৰি আহিছো যদিও
অদ্যাপি নহওঁ নিৰাপদ
পৈশাচিক জনসমাজত নাই এধানি আশ্বস্ত আশ্ৰয়
লোক অৰণ্যত আদৰ্শ পুৰুষজনেই...
ভয়াল ৰজনীত হৈ উঠে হায়েনাৰূপী..
চিৰাচিৰ কৰি খায় ষোড়শী গাভৰুৰ উৰ্বৰা বক্ষ
তাতেই ৰোপন কৰে কলংকিত বীজৰ অংকুৰ
আই মোক ভূল নুবুজিবা
মই ভাৰ্জিন নহয়..

বি:দ্ৰ: অনাকাংক্ষিত পৰিস্থিতিত ধৰ্ষিতা হোৱা ভনীসকলৰ বেদনাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি লেখাটি আগবঢ়াইছো

                🖋 ছোলেমান আলী
                 📱 +91 98592 33753

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই