বিচ্ছেদ .
কালিলৈ তুমি মোৰেই আছিলা,
আজি আনৰ হৈ গ'লা l
নিষ্ঠুৰ সময়ৰ তাগিদাত ;
সকলো পাহৰিলা হঠাৎ !
আমি বিচ্ছেদ কিয় হলো ?
-- ভাৱিছা নেকি পাহৰিলো ;
আজিও মনত আছে ,
......................... সঁচায়ে !
-বেয়াকৈ কৈছিলো তোমাক ;
কিন্তু তুমি এবাৰো নাভাৱিলা,
পৰিবৰ্তে তুমিওঁ খং কৰিছিলা l
ভৱা নাছিলো মোৰ অভিমান খঙত ;
মধুৰ সম্পৰ্কও পৰিব বিপাঙত l
আমাৰ বিচ্ছেদৰ বাবে দায়ী কোন ?
তুমি নে মই ?
.............নহয়,
সেই নিষ্ঠুৰ সময় !
মেঘাছন্ন আকাশ ;
কাউৰীৰ কৰ্কশ মাত l
সেই কালান্তক মূহুৰ্ত;
সেয়াই কিজানি বিচ্ছেদৰ চৰ্ত l
খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment