জন্ম মৃত্যুত আধ্যাত্মিকতা
জন্ম হ'লে মৃত্যু হবই ই চিৰন্তন সত্য! যিমানেই আপোনজন নহওঁক কিয়; মৃত্যুৰ পিছত তেওঁৰ আত্মীয়-স্বজন, বন্ধু-বান্ধৱীসকলে এটা নিৰ্দিষ্ট সময়ৰ অন্তত নিজকে সমাযোজন কৰি আগৰ স্থিতিত উপনীত হয়গৈ, ই ঈশ্বৰ/ প্ৰকৃতিৰ এক মহান দান, কাৰণ এজন মৃতকৰ আত্মীয়ই তেওঁৰ ওৰেটো জীৱন শোকত ম্ৰিয়মান হৈ থাকিলে বিশ্বসংসাৰ খন কেতিয়াবাই অচল হৈ পৰিলেহেতেন.... পাহৰণি হ'ল- দুখ, বেদনা, আৱেগ, অনুভুতি...... আদিক পিছলৈ ঠেলি পঠিয়াই আগলৈ অগ্ৰসৰ হোৱাৰ এক চূড়ান্ত আহিলা l
এইটোও সঁচা যে, বন্ধু-বান্ধৱী বা আত্মীয় এজনৰ মৃত্যুৰ পিছত গোটেই জীৱনটোৰ কাৰণে তেওঁৰ স্মৃতি মনটোৰ পৰা মচি দিব পৰা নাযায় ; কেতিয়াবা নিৰ্জন ঠাইত বহি অতীত ৰোমন্থণ কৰিলে হৃদয়ৰ মণিকোঠাত জমা হৈ থকা সেই আপোন মৃতকজনৰ স্মৃতিয়ে দুচকুৰ পৰা চকুলো নিগৰি আহে, হয়তো এই অজান বেদনাবোৰে কাকো স্পৰ্শ কৰিব নোৱাৰে ; ইয়ে কেৱল ভিতৰি ভিতৰি দাৱানলৰ জুইয়ে পোৰাদি পোৰে l
পৃথিৱীৰ সুখ ক্ষণস্থায়ী; জীৱন হ'ল নিৰ্দিষ্ট সময়লৈ; পৰকালৰ সুখ স্থায়ী আৰু জীৱন অনন্ত কাললৈ l ..... মই আকৌ কম- মোৰ দোৱাত আল্লাহৰ ওচৰত আপোনাৰ বাবে মাগফিৰাতৰ মাগিম l
Comments
Post a Comment