সূৰ্য নুঠা অভিশপ্ত উপত্যকা

সূৰ্য নুঠা অভিশপ্ত উপত্যকা
আৰু কোঙা সম্প্ৰদায় এটা
লেৰেলি আছে অস্তিত্বহীনতাত

কোনো কোনো চনৰ
ইতিহাসৰ পাতবোৰ

তেজত ভিজোৱা- তেজবৰণীয়া

সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত

প্ৰাচীনতম বুলিলে একোৱেই নাথাকিব

-অপবাদৰ বাহিৰে

সময়ৰ কৰাল গ্ৰাসত

বৰাক, বুঢ়ালুইত আৰু নদী-উপনদীৰ তাণ্ডৱতাত

অসংৰক্ষিত খহনীয়া ইতিহাসবোৰ

মৌনভাৱে ভাহি যায় অজান প্ৰান্তলৈ

সম্প্ৰদায়টো তেতিয়াও তেজাল নাছিল;
আৰু এতিয়াওঁ তেজহীনতা 
ইতিকিং, উৎপীড়ন, অপবাদ,
উন্মুক্ত গৰ্জন.....আদি 

শব্দবোৰৰ চিনাকি গোন্ধ ; 
ক্ৰমশ: এতিয়াওঁ চেলেকিছে
হয়তো.....

অপবাদৰ বোজাটো কিছু পৰিমাণে

গৰুৰ শিঙৰ দৰে-ওপৰঞ্চি ওজনহীন

পূৰ্বজসকলে সহি আহিছে

এতিয়া আমি সহিম

সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত

        ✍খন্দকাৰ জাহাঙ্গীৰ আলম
        📱৯৬৭৮৭৬৯৫১০

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই