নাৰীবাদ
নাৰীৰ প্ৰতিবাদৰ শব্দ জ্বলাই দিয়া হয়
জন্মৰ পাছতেই
নাৰীৰ কণ্ঠবোৰ আৱদ্ধ কৰা হয়
চাৰিবেৰৰ ভিতৰতেই
পুৰুষমনস্তত্বৰ যৌনদহনত
নিৰন্তৰ পুৰি ছাই হয়
জীৱনৰ সৈতে আপোচ কৰি
যন্ত্রনা বুকুত বান্ধি
সহিষ্ণু মানৱী
হে নাৰীশক্তি!
পৰতন্ত্ৰৰ দুৱাৰ ভাঙি
স্বতন্ত্ৰৰ দুৱাৰ লোৱা খুলি
নিজে নিজক বিচাৰি চোৱা
বাধাৰ প্ৰাচীৰত হাতুৰী মাৰা
হে নাৰীশক্তি!
সত্তাৰ ভেটি মজবুত কৰা
খোজত খোজ মিলাই,
-যোৱা আগুৱাই
ৰক্ষণশীলতাৰ বিলীন ঘটাই
-"নাৰীবাদ" প্ৰতিষ্ঠা কৰা
✍ খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment