ব্যৰ্থ প্ৰেমৰ ডায়েৰী

ব্যৰ্থ প্ৰেমৰ ডায়েৰী

বহুদিন হ'ল-
সূৰুয উঠা দেখা নাই
সেয়েতো আঁউসীৰ আন্ধাৰ
মোৰ সহযাত্ৰী
প্ৰেম ভালপোৱা গেলি থাকিল
প্ৰৱঞ্চনাৰ উত্তাপত
প্ৰেমাত্মা দহি থাকিল
নিউটনৰ বিপৰীত প্ৰতিক্ৰিয়াৰ দৰে

প্ৰেমৰ কবিতাও লিখা নহ'ল-
শব্দবোৰ সমাধিস্ত কৰি
উকা মনৰ কুঠৰিত
ওলমাই থোৱা "প্ৰহৰী"
-মামৰে ধৰা তলা এটি

পৃথিৱীৰ উপগ্ৰহ নোহোৱা হ'ল-
কৃষ্ণগহ্বৰে গিলি থৈছে
আৰু
তৰাবোৰো খহি
ধৰাত আহোতে বিলীন গৈছে
নিষ্ফল প্ৰচেষ্টা মিলনৰ

ক্ৰমান্বয়ে ৰামধেনুৰ ৰং মটীয়া হ'ল-
ঘৰিয়াঁলৰ চকু দুটাত- ৰং অৰ্থহীন
ৰং নোহোৱা জীৱনো অৰ্থহীন

সু-উচ্চ শৃংগত অৱস্থান কৰাওঁ নহ'ল-
প্ৰেমৰ ধ্বজা উৰুৱাবলৈ
আৰু
ফৰ্মেলিনত তিয়াঁই থোৱা নহ'ল-
স্মৃতিবোৰ যুগ যুগ সতেঁজ হৈ থাকিবলৈ
মাথো নিঃশব্দে আছো ৰৈ
ব্যৰ্থতাৰ ডায়েৰী লৈ

      ✍ খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই