বুৰবুৰণি
মোৰ ঘোষণাপত্ৰত সশব্দে কওঁ
তাই মোৰ ভাবী প্ৰেয়সী
ইম্প্ৰেছ কৰিব পাৰিলেই
খাটাং, তাই মোৰ হ'ব
বুকুত শিল বান্ধি হ'লেও
অপেক্ষা কৰিম
"তোমাক ভালপাওঁ"
বুলি নোকোৱালৈকে
মই পদুলি শুঙা প্ৰেমিক নহয়
সন্ধ্যা মহৰ চৰিত্ৰও গাত নাই
তাইৰ বাবেই-
কবিতাৰ শব্দবোৰ বুটলিম
শব্দৰ প্ৰেমত পৰিব তাই,
তাই যদি কবিতা ভালপায়
খাটাং, মোকো ভালপাব
যদিও মই "গুটখা ল'ৰা"
Comments
Post a Comment