যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ

        (১)
যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ-
পৃথিৱীৰ সমস্ত অমানুষিক ৰূপ
স্থবিৰ কৰি দিব বিচাৰোঁ
এটা অজৈৱ জড়ৰ দৰেই
         (২)
যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ-
ভাতৃত্বৰ ভগ্নস্তূপ বুটলি
ভগ্নাৱশেষ জোৰা লগাব বিচাৰোঁ
এটা তেজৰ সম্পৰ্কৰ দৰেই
         (৩)
যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ-
ক্ষমতা, প্ৰভুত্ব, একনায়কত্বৰ  শিপা
উভালি আনিব বিচাৰোঁ
খেতিৰ অপতৃণ নিকোৱাৰ দৰেই
         (৪)
যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ-
ধৰ্ষকৰ কলুষিত আত্মাবোৰ 
গজাল মাৰি ওলোমাই থব বিচাৰোঁ
কচাইখানাত মাংস ওলোমাৰ দৰেই
         (৫)
যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ-
সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ.....
চিৰন্তন অতীত কৰিব বিচাৰোঁ
মৃতদেহ সৎকাৰ কৰাৰ দৰেই
         (৬)
যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ-
চকা পাতত বহাৰ আগতেই
দু‍ৰ্দিনৰ অন্ত পেলাব বিচাৰোঁ
ফৰকাল আকাশৰ দৰেই

   ✍ খন্দকাৰ জাহাঙ্গীৰ আলম
    📱৯৬৭৮৭৬৯৫১০

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই