অৱকাশ ক'ত
ফেচকুৰি ওলোৱা টোপনি
আৰু কিমান দিন
ফেৰুৱাৰ দৰে ফেকুন্দা হৈ ফুৰিবি
আৰু কিমান দিন
ফেৰেঙণিৰ ফাকত পৰি কেহাবি
এদিন নহয় এদিন
ফেৰিয়াফেৰিত ফেকুৰিবি
সমুখত পৰি ৰৈছে দিন
ফেঁচাৰ ফেঁহুজালিত বিছনা এৰিবি
দিনৰ দিনটো কামত থাকিবি
তেহে জীৱনত উন্নতি কৰিবি
✍খন্দকাৰ জাহাঙ্গীৰ আলম
📱৯৬৭৮৭৬৯৫১০
Comments
Post a Comment