জীৱনবিন্যাস

এ খোদা  মোৰ শ্বাস প্ৰশ্বাস প্ৰতিনিয়ত
জীয়াই থকা জীৱন তোমাৰেই আমানত

ইহজগত পাহৰি এপিয়লা সুধা পাণ কৰি
ভেজাল সাগৰত ডুবিছো মায়াময় ধৰাৰ মোহত পৰি

জীৱন শলিতা পুৰি ছাই, আপোন মোৰ নিসংগতা
ৰামধেনুৰ ৰং শুকাই গ'ল, সপোন এতিয়া ক'লা-বগা

নিম্ন ৰক্তচাপ, শিৰা-উপশিৰাবোৰ কোচ খাইছে
শোটোৰা ছাল, দেহৰ উজ্জ্বলতা মেলানি মাগিছে

মোৰ ভ্ৰমনৰ ইতিহাসত তোমাৰ গুণ গান নহ'ল
বিয়লি বেলাত কাবৌ কৰিছো- মাফ কৰিবা, মই প্ৰায় কবৰস্ত

        খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই