প্ৰেম স্ফীতি

কেঁচা লাজুকা ওঁঠযুৰিত
ৰঙীন উন্মনা শিখা

লেশ চঞ্চলা হাঁহিটিত
পমি নিজৰা বয় তীখা

দুষ্টালি এপলক চাৱনিত
মূছকঁছ খাই পৰে

মায়াময় কলকণ্ঠী মাতত
কালকূট, নিদ্ৰা কাঢ়ে

লাহী পাহি চুলিটাৰিত
মলয়াৰ লুকাভাকু

আকুল মনে অতৰ্কিত
সাজে প্ৰেমৰ সাঁকো

মুখ-চন্দ্ৰিকা মুখনিত
ৰমক-জমক ৰমণী

মুখ ফালি কওঁ তৰিত
তোক ভালপাওঁ বুলি

   ✍খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই