প্ৰেম বিষয়ক

১.
প্ৰথম চাৱনিত আকৰ্ষণ,
--প্ৰেম নহয়
প্ৰেম বন্ধুত্বৰ গুটিৰ পৰা
গজালি মেলে
২.
আঁকোৰগোঁজ প্ৰেমিক !
ৰূহানি কুঞ্জবনত
কল্পনাপুষ্পৰ মালা গাঁথে
আৱাহ সংগীতৰ তালে তালে
মৰমৰ প্ৰেয়সীজনী
.............আহিব বুলি
৩.
অনুভৱৰ পদুলিত
অপেক্ষাৰত প্ৰেমিক
এক উদাসী গধুলিত
প্ৰেয়সীৰ বাবে-
জোন, বেলি, তৰা আনি
কৰতল সজাব বুলি
৪.
হৃদয়ে প্ৰাণ পায়
তাইৰ সুবাসত
মাজতে দুয়ো অলেখ
ইতিহাস ৰচিলে- প্ৰেমৰ !
....... আৰু এতিয়া
প্ৰেমাত্মা অৱচেঁতন
তাই যে নাই নিলগত

   ✍  খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই