বিস্বাদৰ বেদনা সপোন-দিঠকৰ *************************


উপস্থিত বিস্বাদ বেদনাবোৰে ;
অন্তৰত খুন্দিয়াই থাকে l 
চিলমিলীয়া টোপনি আহো নাহোতে,
বিষণ্ণতাই হাতবাউলী মাতে l
বিভীষীকাময় অমানিশাৰ ৰাতিবোৰে;
ভৱিষ্যতৰ সুখ বিমৰ্দন কৰে l
দিঠগত তোমাৰ ভাৱোন্মাদতে ;
মনিকোঠাত তোমাৰে ,
নিগাজী ছবিয়ে ,
নিগূঢ় বেদনাবোৰ গাঢ় কৰে ,
এতেকে ........,
সপোন-দিঠকৰ সুখবোৰ কাঢ়ি নিয়ে l
             

              🖋খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই