আমি বন্দী জনতা
গণতন্ত্ৰত মন্ত্ৰমুগ্ধ
আমি বন্দী জনতা
ঘৰৰ পৰা ওলালেই
চিন্তিত হয় মা, দেউতা -
যদি মোৰ নামটো নাৎসী বাহিনীৰ
বুলেটত লিখা থাকে
....... আৰু সিহঁতে
যদি মোৰ বুকু,
গুলিয়াই ছিদ্ৰ ছিদ্ৰ কৰে
যদি সিহঁত বুকুৰ পৰা নিগৰিত
তেজেৰে ফাঁকু খেলে
যদি মোৰ মৃতদেহ
নিখোজ কৰি দিয়ে
সৎকাৰ কৰিব কোনে
আমি বন্দী জনতা
দেশৰ শাসনযন্ত্ৰই
যেতিয়া ধৰ্মক ঢাল বনাই
ভ্ৰাতৃত্ববোধৰ বিনাশ ঘটায়
মই মুছলিম,
তুমি হিন্দু ,
তেওঁ খ্ৰীষ্টান,
আমি ধ্বংসযজ্ঞ কৰো
ৰজাঘৰীয়াই মনে মনে
ৰং চায়
-আৰু এনেকৈ হেৰুৱাওঁ
আমাৰ সমতা
আমি বন্দী জনতা
গণতান্ত্ৰিক আন্দোলন এতিয়া
মৃত্যুক আহ্বান কৰা
আনুষ্ঠানিকতা
চৰকাৰৰ প্ৰকৃত স্বৰূপক
আঙুলি টোৱালেই
পিন্ধায় ৰাষ্ট্ৰদ্ৰোহীৰ মালা
যেন-
দ্বিতীয় বিশ্বযুদ্ধৰ
আমি একো একোজন
হলোকাষ্টৰ বন্দীত্বৰ নমুনা
আমি বন্দী জনতা
- অসম্পাদিত
🖋খন্দকাৰ জাহাংগীৰ আলম
Comments
Post a Comment