অপ্সৰাৰ ৰূপ কথা
তুমি ধৰাৰ মনোহৰা,
কতজন তোমাৰ ৰূপ মাধূৰ্যত আপোন পাহৰা l
কতজনৰ মনোৰাজ্যত কৰাহি বাস ,
তোমাৰ সান্নিধ্য বিচাৰি পায় জীৱনৰ সুবাস l
অতীব তন্ময়েৰে তোমাৰ মুখাৱৰণ ,
দৃষ্টি নিক্ষেপি ৰৈ বহুক্ষণ
হিটলাৰো তোমাৰ ঈষৎ হাস্যত ,
মনস্তুষ্টিৰে পৰিবচোন প্ৰেমত l
ৰিকাপিত ভৰি ৰাখি একে কোপতে ;
আঁঠুত হাত ৰাখি গোলাপ কলিৰ সৈতে ,
ভাল পায় বুলি ঐ ,
প্ৰস্তাৱ দিব মুকলিকৈ l
তোমাৰ দেহাৰ ৰিমৰিমীয়া সুবাসে ,
সংগীতৰ ৰাগিণীত নাচে মলয়া বতাহে l
লাহী-পাহি, নিমজ চুলি-
তুমি ৰাখিলে মেলি ;
ঢৌ খেলে বতাহৰ সতে ,
কহুঁৱা, বিৰিণা চাই থাকে.....মনে মনে /
তোমাক যদি জোনটিয়ে ৰাতিত দেখে ,
ধৰাৰ বুকুত কিজানিবা অমাৱস্যা নামে l
গুলপীয়া ওঁঠৰ ফাকত ;
ডালিমীয়া দাঁত ,
হাঁহিটিত ওলায় ,
ডাৱৰৰ মাজত সূৰুযে, লাজতে পলায় l
তোমাৰ চকুৰ চাৱনিত ,
কৰে পুলকিত l
হঠাৎ .......!
হেন্দোলনি উঠে অন্তৰত ;
হৈ পৰে কামুক- সৰ্বজন ,
ভিন্ন নহয় কোনেও সবেও অবুজন l
ক্ৰমশ: ......
🖋খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment