অতীত
কবৰ খান্দি মই মোৰ
পূৰ্বজন্মৰ জীৱাষ্ম ওলাই আনো
দেখিলো দুইশ বছৰৰ গোলামীত
ভাঁজ হৈ গৈছে মোৰ মেৰুদণ্ড
মোৰ বুকুৰ ভিতৰত মাটিৰ ভিজা গোন্ধ
হাতৰ মুঠিত নাঙলৰ ভগ্নাংশ
কবৰ খান্দি মই
ওলাই আনিলো মোৰ অন্ধকাৰ অতীত
দেখিলো-
সকলোৰেই এটা এটা ভ্ৰমণৰ ইতিহাস আছে
মূৰ দোৱাই আগবাঢ়ে ভোকাতুৰৰ গণযাত্ৰা
সকলোৰেই এটা এটা কাহিনী আছে ভাহি যোৱাৰ
কবৰ খান্দিলে মই এটা ৰক্তাক্ত নদী পাওঁ
আৰু দেখো গভীৰ পানীত ভাহি আছে মোৰ গুলিবিদ্ধ মৰাশ
কবৰ খান্দিলে
অগ্নি নে কি নাজানো মই
এটা উষ্ণ ৰঙীন উত্তেজনা পাওঁ
কবৰ খান্দি মই নিজেই নিজৰ মৰাশ লৈ যাওঁ কবৰস্থানত
সিহঁতে মোক শ্বহীদ ঘোষণা কৰক বা নকৰক
এই মাটি বিক্ৰী যোৱাৰ আগত
এই বায়ু নি:শেষ হোৱাৰ আগত
নদীসমুহ বিষাক্ত হোৱাৰ আগত
এবাৰ অন্ততঃ ...........
মাথো এবাৰ মই তুমূল যুদ্ধত বিধস্ত হব বিচাৰো ...
🖋কাজী নীল
অসমীয়া অনুবাদ : খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment