মন কী বাতে

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাতে' অল ইণ্ডিয়া ৰেডিঅ'ৰ অনুষ্ঠানটোয়ে 2015/16/17 বৰ্ষত ১০ কোটি টকা ৰাজহ আদায় কৰিবলৈ সক্ষম হয়.... এই ৰাজহখিনি ৰাজকোষত জমা হৈছে..., অতি সুন্দৰ কিন্তু ভাৰতবৰ্ষৰ জনগণই এই অনুষ্ঠান শুনি কিবা লাভান্বিত হৈছে নে? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি কৌটি কৌটি টকা বিদেশ ভ্ৰমনত খৰছ কৰিব আৰু দেশত উভতি 'মন কী বাতে' অনুষ্ঠানত আপোনাৰ ৰসাল মাতেৰে কাহিনী শুনাব ...... আপুনি কয়, মেৰে প্যাৰে ভাইয়ো অৰ বেহেনো আজ জাপান নে ৰেলসেৱা মে কিতনা তৰক্কী কী হ্যা...., নৰৱে, অষ্ট্ৰেলিয়া, ছুইজাৰল্যাণ্ড, নেদাৰল্যাণ্ড, আমেৰিকা ইয়ে countries economically আজ সবসে আগে হ্যা ......... ইত্যাদি ইত্যাদি l
        আপুনি এই পৰ্যন্ত নিজৰ দেশখনক কিমান তৰক্কী কৰি দেখুৱালে.... সৌ সিদিনা বাতৰি কাকতত ওলাইছিল- ভাৰতক চেৰ পেলাই নেপাল, বাংলাদেশ আৰু পাকিস্তানে দখল কৰিলে উচ্চ স্থান যিটো ৱৰ্ল্ড ইকুনুমিক ফ'ৰামৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল... বাতৰিটো পঢ়ি সকলোৱে ছাগৈ লজ্জা অনুভৱ কৰিছিল
         আপুনি আৰু আপোনাৰ চৰকাৰখনে জনগণক প্ৰতিশ্ৰুতিহে দিলে কাম কিমান কৰিলে? কেৱল প্ৰতিশ্ৰুতিৰ আভুৱা ভৰিলেই নহব  বিশ্বৰ উন্নয়নমুলক দেশসমুহৰ আৰ্হি লৈ আমাৰ দেশখনো অলপ উন্নয়নমূখী কৰিবলৈ যত্ন লওঁক নহলে অযথা ৰেডিঅ'ত 'মন কী বাতে' অনুষ্ঠানৰ কি প্ৰয়োজন আছে ?
   .................প্ৰকৃততে 'মন কী বাতে' অনুষ্ঠানটো জনগণৰ বাবেহে হব লাগিছিল, জনগণৰ সমস্যাসমূহ দাঙি ধৰিব আৰু আপুনি শুনি সমস্যাসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰিব... কিন্তু আপুনি তাৰ ওলোটাটোহে কৰি আছে l

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই