পৰিবৰ্তন
#পৰিবৰ্তনে_আমাক_কি দিলে
যোৱা অসম বিধানসভা নিৰ্বাচনত পৰিবৰ্তন বিচাৰি- 'জাতি, মাটি আৰু ভেঁটি' ৰ শ্লোগানক সহাঁৰি জনাই অসমৰ জনসাধাৰণে বিজেপি চৰকাৰ বনাই দিলে ; ৰাজনীতিত পৰিবৰ্তনৰ কোনো আভিধানিক অৰ্থ আছে যদি নাজানো ; কিন্তু পৰিবৰ্তনৰ নামত মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যখনত এক অস্থিৰতাৰ সৃষ্টি কৰি ৰাখিছে সেয়া কোনেও নস্যাত কৰি দিব নোৱাৰে l
ৰাজ্যখনত উন্নয়নমুলক কি পৰিবৰ্তন হৈছে সেয়া সৰ্ব জনগণে জ্ঞাত; লগতে এনে কিছু পৰিবৰ্তনো উল্লেখনীয়- ধৰ্মৰ ভিত্তিত ধৰ্মনিৰপেক্ষতা আৰু ঐতিহাসিক অসম চুক্তিক বুঢ়া আঙুলি দেখুৱাই হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপন দিব বিচৰাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু যাৰ কাৰণেই NRC ৰ কাম আজি পৰ্যন্ত সমাপ্ত নহ'ল আৰু সম্পূৰ্ণ হবনে নাই সেইটো এটা ডাঙৰ প্ৰশ্নবোধক(?) l অসমৰ সকলো দল সংগঠন আৰু সৰ্বস্তৰীয় ৰাইজে বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰখনৰ পৰা NRC ৰ কাম খৰতকীয়া হোৱাটো আশা কৰিছিল ; কিন্তু এইক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা অস্পষ্ট l
সৌ সিদিনা চিলাপথাৰত অখ্যাত সংগঠনৰ বহি:ৰাজ্যৰ নেতাৰ নিৰ্দেশত জাতীয় সংগঠন 'আছু'ৰ কাৰ্যালয় লণ্ডভণ্ড কৰি- "আছু গ' ব্যাক" বুলি জয়ধ্বনি দিলে; অসমীয়াৰ বাবে ইয়াতোকৈ লজ্জাজনক ঘটনা আৰু কি হব পাৰে l অসমৰ মজিয়াত আহি অসমৰ জাতিসত্তাক এনেকৈ অপমান কৰাৰ সাহস কেনেকৈ পাইছিল ? আজিলৈকে সেয়া ৰহস্যৰ আৱৰ্তত...... l এয়াই চৰকাৰখনৰ পৰিবৰ্তনৰ নমুনা নেকি? আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল- চৰকাৰৰ গৰিষ্ঠসংখ্যক নেতাই কিছুমান সাম্প্ৰদায়িক মন্তব্যৰে ধৰ্মীয় বাতাবৰণ উত্তপ্ত কৰি ৰখাৰ লগতে বৃহত্ত্বৰ অসমীয়া জাতি জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি আৰু সাতামপুৰুষীয়া একতা আৰু বান্ধোনক ফাট মেলোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ; ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনত চৰকাৰে ধৰ্মৰ উৰ্দ্ধত থাকি দেশৰ সাৰ্বিক উন্নয়নত মনোনিৱেশ কৰিব লাগে কিন্তু বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ধৰ্মীয় গোড়ামি তথা সাম্প্ৰদায়িকতাৰ যি পৰিৱেশ গঢ় লৈ আছে ; সেয়া ভৱিষ্যতৰ কাৰণে কেতিয়াও শুভ লক্ষণ হব নোৱাৰে l
ভাৰত গণতন্ত্ৰত সংবিধানে জনসাধাৰণক গণতান্ত্ৰিক আন্দোলনৰ বাবে পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে ; কিন্তু অতিপৰিতাপৰ বিষয় যে, এইখন অসমত নিজৰ প্ৰাপ্য অধিকাৰ আদায়াৰ্থে ভূক্তভোগী জনতাই চৰকাৰৰ নিৰ্দেশত প্ৰাণ দিব লগা হৈ আছে -দিনৰ পোহৰতে অসম পুলিচে ৰহাৰ ৰাজপথত মিণ্টু দেউৰী আৰু গোৱালপাৰাত ইয়াকুব আলীৰ তেজেৰে ফাকুৱা খেলিলে , -এজনৰ ভূল যে, ৰহাৰ পৰা AIIMS ষড়যন্ত্ৰমূলক ভাৱে জালুকবাৰীত স্থাপন কৰাৰ প্ৰতিবাদ কৰিছিল ; আনজনে ডি ভোটাৰ সমস্যাৰ প্ৰতিবাদ কৰিবলৈ গৈছিল l কেইদিনমান আগতে এবিএমছুৰ সভাপতিকো দিন-দুপৰতে দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে গতিকে এনেবোৰ ঘটনাই নিশ্চিতভাৱে গণতন্ত্ৰৰ মৃত্যুক সূচায় l
গণতন্ত্ৰত চৰকাৰে জনমতক গুৰুত্ব প্ৰদান কৰিব লাগে; কিন্তু বৰ্তমানৰ চৰকাৰখনে জনমতক উপেক্ষা কৰি অসমৰ জাতীয় জনজীৱনৰ লগত অপৰিচিত ব্যক্তি এজনৰ নামত ২২ খন মহাবিদ্যালয় খুুলিবলৈ যোজা-যা চলাই আছে l অসমত আহোমৰ ৰাজত্ব কালৰ পৰা বৰ্তমানলৈ কত মহামানৱৰ আৱিৰ্ভাৱ হৈছে অথচ মহাবিদ্যালয় সমূহৰ নামাকৰণ কৰিবলৈ অসমৰ এজন মহান ব্যক্তিৰ নামো উচ্চাৰণ কৰিব বিচৰা নাই ; কিন্তু কিয় ? ............ এয়া কিহৰ ইংগিত বহন কৰিছে যিটো অতি বিচাৰ্য বিষয় l নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল ; তাৰে কেইটা প্ৰতিশ্ৰুতি ফলপ্ৰসু কৰি দেখুৱালে ? বিজেপি চৰকাৰ খনে বিগত এটা বছৰৰো অধিক সময়ত অসমৰ সামগ্ৰিক দিশত কি কি পৰিবৰ্তন অথবা উন্নয়ন সাধিলে ?- সহস্ৰজনে সোধা এয়া এক লেখতলবলগীয়া প্ৰশ্ন ! কংগ্ৰেছৰ ১৫ বছৰৰ কাৰ্যকালত কৰা দুৰ্নীতিত অতিষ্ঠ হৈ অসমৰ সৰ্বসাধাৰণ ৰাইজে বিজেপিৰ প্ৰতি আস্থা দেখুৱাইছিল ; কিন্তু তাৰ ফলস্বৰূপে অসমৰ সৰ্বসাধাৰণ ৰাইজে কি পাই আছে ? চৰকাৰখনৰ বৰ্তমানৰ স্থিতি আৰু কাৰ্যপন্থা অতি দুৰ্ভাগ্যজনক ! ভবিষ্যতলৈ যদি এই স্থিতি আৰু কাৰ্যপন্থা একেই থাকে ; তেন্তে অনাগত সময়ত অসমৰ জনতাই অৱশ্যেই পৰিবৰ্তনৰ সঠিক মূল্যায়ন কৰিব আৰু চৰকাৰৰ প্ৰতি থকা মোহভংগও হব l গণতন্ত্ৰত ৰাইজৰ সময় আহে ৫ বছৰ অন্তৰে অন্তৰে ; উপযুক্ত সময়ত অসমৰ ৰাইজেই পৰিবৰ্তনৰ শ্লোগানেৰে চৰকাৰৰো পতন ঘটাব l চলিত সময়ত চৰকাৰৰ কাৰু-কাৰ্যত বিখ্যাত গায়ক নচিকেতাৰ এটি বাংলা গীত মনত পৰিছে - 'বসতি আবার উঠবে গঢ়ে ,
আকাশ আলোই উঠবে ভোরে l
জীৰ্ণ মতবাদ সব ইতিহাস হবে ,
পৃথিৱী আবার শান্ত হবে l'
খন্দকাৰ জাহাঙ্গীৰ আলম
মোবাইল: ৯৬৭৮৭৬৯৫১০
Comments
Post a Comment