লাফিকুলৰ ত্যাগ

 সংগ্ৰামী লাফিকুলৰ সংগ্ৰাম অব্যাহত থাকিবনে ?

ড○বাণীকান্ত কাকতিয়ে কৈছিল - ''বেলি মাৰ যায়, কিন্তু গ্ৰহ উপগ্ৰহে তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক বাট দেখুৱায় l কোনো ব্যক্তি পৃথিৱীত নাইকিয়া হয়, কিন্তু তেওঁৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ জাতিক পোহৰ দি থাকে'' l এই কথাষাৰৰ তাৎপৰ্য যেন লাফিকুলৰ জীৱনৰ লগত ওত:প্ৰোত জঢ়িত, তেওঁৰ মৃত্যুত গোটেই অসমৰ সৰ্বস্তৰীয় জনগণ শোকত ম্ৰিয়মান; নিশ্চয় তেওঁৰ ভাল কামৰ বাবেই সকলোৱে তেওঁক পাহৰিব পৰা নাই, অতি কম বয়সতে তেওঁ যিদৰে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল সেয়া অতিকৈ প্ৰশংসনীয় l এটা সংগঠনৰ বেনাৰত থাকি লাঞ্চিত-বঞ্চিত, নিষ্পেষিত, আশ্ৰয়হীন জনসাধাৰণৰ বাবে তেওঁ সদায় মাত মাতি আহিছিল বিশেষকৈ তেওঁ এবিএমছুৰ সভাপতি হোৱাৰ পিছৰে পৰা বিটিচি অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষৰ ম্লান পৰিছিল, তেওঁৰ সংগ্ৰামী জীৱনত নিজৰ জাতি আৰু সম্প্ৰদায়ৰ সামগ্ৰিক উন্নতিৰ প্ৰতি যি ধৰণৰ ইতিবাচক চিন্তা কৰিছিল তেনে চিন্তা হয়তো আন দহজনে কৰিবলৈ সময় নাপায় নাইবা ইচ্ছা প্ৰকাশ নকৰে l লাফিকুলৰ অনুসন্ধিৎসু মনে সদায় শোষিত মুছলমান জাতি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাবলৈ কেনেদৰে সচেঁতন কৰিব পাৰি তাক লৈ ব্যস্ত থাকিছিল l গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী লাফিকুলে অসমৰ সংখ্যালঘু মুছলমান সকলৰ ন্যায় আদায় কৰিবলৈ বিভিন্ন সময়ত আৰু বিভিন্ন পৰিস্থিতিত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল; কিন্তু এইটোও ঠিক যে তেওঁ অসমৰ উন্নতি, শান্তি-সম্প্ৰীতি আৰু সকলো ধৰ্মৰ মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ মনোভাৱ গঢ় দিয়াৰ বাবেও যথোপৰনাস্তি চেষ্টা কৰি গৈছিল এনেকুৱা বহুতো কাৰণ আছে যাৰ বাবেই কিজানি লাফিকুল বিটিচি অঞ্চলত ইমান জনপ্ৰিয় এজন সংগ্ৰামী নেতা আছিল 

 তেওঁৰ মৃত্যুৰ পিছত অজিত কুমাৰ ভূঁঞাই কৈছিল - 'মই লাফিকুলক মাজে মাজে লগ পাই থাকো কিন্তু জনা নাছিলো তেওঁ ইমান জনপ্ৰিয়' -এনে জনপ্ৰিয়তাৰ বাবে যোৱা লোকসভা নিৰ্বাচনত বিটিচিৰ পৰা হীৰা শৰণীয়াক সিংহভাগ ভোটেৰে জয়ী কৰাই দিয়াত মুখ্য ভূমিকা লব পাৰিছিল ...... কোৱা হয়, লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই বিটিচি অঞ্চলত বড়ো আৰু অনাবড়ো সকলৰ বহুত পৰিমানে সমন্বয়ৰ সৃষ্টি হৈছে যাৰ প্ৰাধান্য লাফিকুলক দিব লাগিব সকলো মিলাই কব লাগিব সদ্যপ্ৰয়াত লাফিকুল ইছলাম আছিল সংখ্যালঘু মুছলমানৰ লগতে সমগ্ৰ অসমীয়া জাতিৰ এক প্ৰতিবাদী কণ্ঠ যাৰ প্ৰতিবাদে বহু দূষ্কৃতিকাৰীৰ অন্তৰাত্মা কঁপি উঠিছিল, দূষ্কৃতিকাৰী সকলে হয়তো অনাগত দিনৰ বাবে পথ স্বচ্ছল কৰিবলৈ তেওঁৰ প্ৰাণটোকে কাঢ়ি ললে l কিন্তু এই লাফিকুলেই শেষ প্ৰতিবাদী কণ্ঠ নহয়; তেওঁৰ নিচিনা লাখ লাখ যুৱক ওলাই আহিব আৰু দু্ৰ্নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হব l লাফিকুল ইছলামে সংখ্যালঘু মুছলমানৰ উন্নতিৰ কাৰণে যি প্ৰাথমিক ভেঁটি স্থাপন কৰি থৈ গ'ল l অনাগত দিনত এই সম্প্ৰদায়ৰ নৱপ্ৰজন্মই এই স্থানৰ পৰাই নিজৰ সম্প্ৰদায়টোক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিব পাৰিলেহে লাফিকুলৰ বিদেহী আত্মাই শান্তি পাব l

           খন্দকাৰ জাহাঙ্গীৰ আলম 

            দূৰাভাষ: ৯৬৭৮৭৬৯৫১০ 

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই