বাল্যবিবাহ
#বাল্যবিবাহ_বন্ধ_কৰা_অসম্ভৱ ❌
বাল্যবিবাহ আইন ধোৱা-চাঙত পৰিণত ; বাল্যবিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছিল l বাল্যবিবাহৰ নিচিনা সামাজিক ব্যাধিৰ অৱসান ঘটাবলৈ আমছু, এবিএমছু, চাইল্ডলাইন তথা সমাজকৰ্মী সকলে যিধৰণৰ পদক্ষেপ লৈছিল সেয়া সঁচাকৈ শলাগিবলগীয়া; এইক্ষেত্ৰত চৰকাৰেও কিছু পৰিমানে সহযোগ কৰা পৰিলক্ষিত হৈছিল ; কিন্তু চৰকাৰৰ এনে সহযোগ যেন ফেনৰ ফুটুকা; কিয়নো এফালে চৰকাৰে বাল্যবিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন আঁচনি তথা বিজ্ঞাপনৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰি আছে, আনফালে কমবয়সীয়া বিবাহপ্ৰাৰ্থী সকলৰ অভিভাৱক সকলে আদালতৰ পৰা বিয়াৰ ৰেজিষ্ট্ৰাৰ কৰি বিবাহ সম্পন্ন কৰিবলৈ লৈছে l মোৰ চকুৰ আগত দেখা পালো- তেনে দুই এটা ঘটনা; এতিয়া কোনোবা দল সংগঠন বা সমাজৰ সচেঁতন ব্যক্তিসকল তেওঁলোকৰ ওচৰত গৈ পাট্টা পোৱা নাই কাৰণ তেওঁলোকৰ হাতত আছে 'মেৰিজ ৰেজিষ্ট্ৰেচন' ....... যত আদালতে ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীক বিয়াৰ সন্মতি প্ৰদান কৰে তাত দল-সংগঠন তথা সচেঁতন ব্যক্তিসকলৰ কৰিবলগীয়া কি থাকে?
জে. আলম
Comments
Post a Comment