মুছলিমৰ সংগঠনসমুহৰ কৰণীয়
অসমত AAMSU, MUSA, AAMSA, ABMSU, Miya Parishat, Goria Moria Parishat, AMYP... আদি বহুতো মুছলিম সংগঠন আৰু সংস্থা আছে, বিভিন্ন ক্ষেত্ৰতে অসমৰ মুছলিম সমাজৰ মাজত ভাষা, সংস্কৃতি, চলন-ফুৰনৰ কিছু বৈসাদৃশৰ ফলত কিছু বিভাজন পৰিলক্ষিত হয়.. যাৰ বাবেই আমি মিঞাঁ; আমি গৰিয়া; আমি মৰিয়া... গতিকে সকলোৱে নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ এই তিনিওটা দলৰ মাজত নিজস্ব সংগঠনো গঢ় লৈ উঠিছে l .... কিন্তু কামত শূণ্য, .... ইংৰাজৰ ডিবাইড এণ্ড ৰোল পলিচিৰ যোগেদি ভাৰতীয় সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অভিসন্ধি আছিল... য'ত ইংৰাজৰ স্বাৰ্থ জঢ়িত আছিল- ভাৰতবৰ্ষত তেওঁলোকৰ ৰাজত্ব বৰ্তি ৰখাৰ বাবে, .......কিন্তু আমাক কোনে ভাগ কৰি দিলে মিঞাঁ, গৰিয়া, মৰিয়া বুলি l ইয়াত কাৰ কি লাভ হব ? কিয় আমি একগোট হৈ এটা সংগঠনৰ আস্থাত থাকিব নোৱাৰো? যেতিয়ালৈকে আমি মিঞাঁ, গৰিয়া আৰু মৰিয়া এক হব নোৱাৰিম; তেতিয়ালৈকে অসমৰ মুছলমানৰ সাৰ্বিক উন্নয়ন কল্পনাহে মাথোন..., তাৰোপৰি অসমৰ মুছলমানৰ সাম্প্ৰতিক পৰিস্থিতি অতি হতাশজনক l আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে মুছলিম জাতীয় সংগঠন সমুহ সদিচ্ছাৰে ওলাই আহিব লাগিব; কৰিবলগীয়া বহুত কাম আছে l অসমৰ মুছলিম সংগঠন সমুহৰ প্ৰথম কাম হব লাগে- 1# মুছলিম বিভাজিত এই তিনিটা দল/গোটক এটা দল/ গোটলৈ ৰূপান্তৰ কৰা, আমাৰ এটাই পৰিচয় হব লাগে আমি অসমৰ মুছলিম l
2# অসমৰ সকলো মুছলমানক এটা সংগঠনৰ আওতাত আনিবলৈ আটাইবিলাক সংগঠনৰ নেতাসকল সদিচ্ছাৰে এটা জাতীয় সংগঠনৰ সৃষ্টি কৰিব লাগে l
3# আমাৰ জাতিৰ শিক্ষাৰ গ্ৰাফডাল অতি পুতৌ লগা; জাতিৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সংগঠনসুহে মানুহৰ মাজত সচেঁতনতাৰ সৃষ্টি কৰিব লাগে l
4# আমাৰ মাজত থকা অন্ধবিশ্বাস আৰু কু-সংস্কাৰবোৰ দূৰ কৰাৰ বাবে যতপৰোনাস্তি চেষ্টা কৰা l
ওপৰোক্ত কথাখিনি কবলৈ যিমান সহজ কৰিবলৈ হয়তো বহুত টান, এই টান কামটো সহজ কৰিব নোৱাৰিলে অনাগত দিনবলাকত আমি লাঞ্চিত, বঞ্চিত আৰু অত্যাচাৰিত হব লাগিব সেয়া চিৰসত্য,
বৰ্তমান সময়ত সময়ত AAMSU ক অসমৰ প্ৰধান মুছলিম জাতীয় সংগঠন বুলি ক'লেও ভুল নহব ; বহুক্ষেত্ৰত এই জাতীয় সংগঠনটোৱে মাত মাতি আহিছে যদিও কিছুমান ক্ষেত্ৰত নীৰৱ দৰ্শকৰ ভুমিকাও লোৱা দেখা যায়; তাৰ কাৰণে দুই এটা উদাহৰণো লব পৰা যাব- কেইদিনমান আগৰ কথা, এন এচ ইউ আইৰ কেডাৰ এজনে ৰাজপথত গামোছা জ্বলাই দিলে... নিশ্চিতভাৱে এয়া জাতিদ্ৰোহী কাম; সকলোৱে গৰিহনা দিছে; আমিও দিছো.. কিন্তু সেই গৰিহনাই যেন যথেষ্ট নাছিল l যাৰবাবে VHP য়ে গুৱাহাটীৰ মাজমজিয়াত লুঙী জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে, কাৰণ গামোছা জ্বলাই দিয়াজন মুছলমান আছিল ; সেইহেতুকে আমাৰ সংস্কৃতি আমাৰ জাতীয় পোছাক লুঙী জ্বলাই আমাৰ মুখত চূণ কালি সানি দিলে.... অতি পৰিতাপৰ বিষয়- তেতিয়া কিন্তু আমছু বা আন কোনো মুছলিম সংগঠনে প্ৰতিবাদ কৰা পৰিলক্ষিত নহল l নে লুঙী আমাৰ সংস্কৃতি নহয় ?
আৰু এটা ঘটনাই মোক বৰকৈ আমনি দিছে, বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এটা মন্তব্য- "ম্যানমাৰৰ দৰে অসমৰ পৰা বিদেশী খেদিব লাগে" এইধৰণৰ মন্তব্যৰ পিছতো কোনো সংগঠনৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া দেখা নাপালো.... এনেবোৰ বহুক্ষেত্ৰত অসমৰ মুছলিম সংগঠনবোৰৰ দুৰ্বলতা প্ৰকাশ পোৱা দেখা যায়, যাৰ বাবে আমাৰ সংগঠন শক্তিশালী হবৰ হ'ল.. আমি এক হবৰ হ'ল, আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ হ'ল....
কিছুমানক আমছুক লৈ অলপ চেনচেটিপ হোৱা পৰিলক্ষিত হৈছেl হয়.., আমছু স্বয়ংক্ৰিয় যন্ত্ৰ নহয়, মই কিন্তু আমছুক কোনো আইন প্ৰস্তুত কৰিবলৈ কোৱা নাই, জাতিৰ শিক্ষাৰ বাবে স্কুল পাতি শিক্ষকক দৰমহা দিবলৈ কোৱা হোৱা, মই কেইটামান সাধাৰণ সমস্যাৰে ওপৰত আলোকপাত কৰিছোহে.... যদিও মোৰ কথাবিলাক সমালোচনামুলক দেখা পাইছে কিন্তু অযুক্তিকৰ মুঠেও নহয়l
কোনো ৰাইজ নিজে সজাগ পাৰিলে সংগঠনৰ কি প্ৰয়োজন? এটা জাতিক প্ৰতিনিধিত্ব কৰিবলৈ এটা সংগঠনৰ বাবে কৰণীয় বহুত থাকে; তাতে আকৌ জাতিটো ডুব যোৱা , আমি অশিক্ষিত, অসচেঁতন, কু-সংস্কাৰী, বহুত ক্ষেত্ৰত অন্ধবিশ্বাসী.... গতিকে আমি নিজে নিজে কেনেকৈ সজাগ হম; পথটো ক'ত?
খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment