উচ্চতম ন্যায়ালয়ৰ স্থিতি আৰু তিনি তালাক
প্ৰায় দুটা বছৰৰ অন্তত পঞ্চ সাহসিনী মহিলা কেইজনীৰ গোচৰৰ ভিত্তিত মহামান্য উচ্চতম ন্যায়ালয়ে মুছলমান সমাজ প্ৰচলিত
'তাৎক্ষণিক তিনি তালাক' বন্ধৰ নিৰ্দেশ জাৰি কৰে l বিশ্বত যিমান ধৰ্ম আৰু ধৰ্মালম্বী মানুহ আছে ; প্ৰতিটো ধৰ্ম আৰু ধৰ্মালম্বী মানুহৰ মাজত তালাকৰ প্ৰচলন দেখা পোৱা যায় l সকলো ধৰ্মতে বিবাহ বিচ্ছেদ বা তালাকৰ প্ৰয়োগ হয় যদিও নীতি নিৰ্দশনাৰ কিছু অমিলো থাকে l মানুহে বিয়াৰ জৰিয়তে সংসাৰৰ পাতনি মেলে; এজন পুৰুষ আৰু এজনী মহিলাৰ সন্মতি সাপেক্ষে বিয়া সম্পন্ন হয় l বিয়া সম্পন্ন হোৱাৰ পিছত আৰম্ভ হয় যুগ্ম জীৱনৰ ; সেই যুগ্ম জীৱন সকলোৰে বাবে সুখময় আৰু দীৰ্ঘম্যাদী নহবও পাৰে - উভয়ৰ মতাদর্শৰ মতানৈক্য, উভয়ৰ কোনো এজনৰ যৌন দুৰ্বলতা , যৌতুকৰ বাবে, এজনে আনজনৰ অবাধ্য হোৱা... আদি বিভিন্ন কাৰণত দুজনৰ মাজত সম্বন্ধৰ ফাট মেলিবলৈ পাৰে বা মেলে আৰু তেতিয়াই হয়তো পুৰুষ জনে (এইক্ষেত্ৰত পুৰুষৰ উদ্দ্যেশি কোৱা হৈছে কাৰণ মহিলাৰ ফালৰ তাৎক্ষণিক তিনি তালাক দিয়া সচৰাচৰ দেখা নাযায়) 'তালাক' নামৰ অবাঞ্চিত শব্দটো খঙৰ ভমকতে তিনিবাৰ কৈ দিয়ে ; যাক আমি তিনি তালাক বুলি জানো l ইছলামত তাৎক্ষণিক ভাৱে একৰাহে তিনিবাৰ তালাক বুলি ক'লে তালাক গণ্য হব বুলি বহু আলিম উলমা সকলে মতপোষণ কৰা দেখা যায় আকৌ একাংশই মতপোষণ কৰে যে, একেসময়ত একেৰাহে তিনিবাৰ তালাক বুলি ক'লে এক তালাক বুলি গণ্য হব l কেৱল এইটোতেই নহয় - বহুত ক্ষেত্ৰত আলিম উলমায়ে সকলে একে বিষয় বস্তুৰ ওপৰতে ব্যক্তি বিশেষে ভিন্ন ব্যখ্যা দিয়া দেখা যায় ; যাৰ কাৰণে সাধাৰণ মানুহে জটিলতাত পৰে l সেইবুলি ইয়াৰ কাৰণে আলিম উলমা সকলক জগৰীয়া কৰিব বিচৰা নাই, এটা শব্দৰ বহুতো অৰ্থ থাকিব পাৰে বা বেলেগ বেলেগ অৰ্থ বহন কৰিব পাৰে l ইছলামিক আলিম উলামা সকলৰ শব্দৰ সঠিক স্থান আৰু অৰ্থ ব্যৱহাৰ নোহোৱাৰ ফলতো কিজানি ব্যখ্যাৰ তাৰতম্য হৈ যায় l ঠিক তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে মহামান্য উচ্চতম ন্যায়ালয়ে বন্ধ কৰা তিনি তালাকৰ ৰায়দানৰ ওপৰত, উচ্চতম ন্যায়ালয়ৰ ৰায়দানক বহুত মুছলিমেই আদৰি লৈছে; যদিও আন কিছুমানে এতিয়াও মানি লব বিচৰা নাই l যদি একাংশই মানি লৈছে আন একাংশই মানি নোলোৱাৰ যুক্তি ক'ত? বিভিন্ন ইছলামিক পণ্ডিত সকলেও কৈ আছে তাৎক্ষণিক তিনি তালাক অসংবিধানিক আৰু অবৈজ্ঞানিক যাৰ কোনো শুদ্ধ বৈধতা নাই আনকি কোৰাণতো তাৎক্ষণিক তালাকৰ কথা উল্লেখ নাই ; ই হ'ল মৌখিক l .... আৰু এটা কথা মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে বৈধ তালাকৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই অৰ্থাৎ ইছলামৰ বৈধ তালাকৰ প্ৰক্ৰিয়া চলিয়েই থাকিব l
জীৱনৰ চূড়ান্ত বিপৰ্যৰ পৰা ৰক্ষা পাবলৈ স্বামী-স্ত্ৰী উভয়কে ইছলামত তালাক লোৱাৰ বিধান কৰি দিছে অৰ্থাৎ তালাক যুগ্ম জীৱনৰ অশান্তি দূৰ কৰাৰ অন্তিম তথা চূড়ান্ত ব্যৱস্থা l ইছলামিক শ্বৰিয়তত তালাক এক গুৰুত্বপূৰ্ণ বিষয় l তালাক সম্পৰ্কে নবী কৰিম (ছা:) য়ে কৈছে তোমালোকে বিয়া কৰা কিন্তু তালাক নিদিবা কিয়নো তালাক দিলে আল্লাহৰ আৰস কঁপি উঠে l গতিকে আমি মনত ৰাখিবলগীয়া- তালাক কোনো খেল নহয় যে, যিকোনো পৰিস্থিতিত বা তৎমূহুৰ্তেই ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ; ধৰ্মীয় বিধি বা দেশৰ সাংবিধানিক বিধিৰ আলমলৈ লৈ উপায়ন্ততহে বিবাহ বিচ্ছেদ বা তালাকৰ সহায় লোৱা হয় ; য'ত তালাক লোৱা বা দিয়াৰ কিছু নীতি-নিৰ্দেশনা থাকে l ইজনে সিজনক বুজি পাবলৈ বা শুধৰাবলৈ সময় দিয়া দিয়া যিটো বিজ্ঞানসন্মত কিন্তু তাৎক্ষণিক তালাক মূহুৰ্তত দিয়া তালাক য'ত ইজনে সিজনক বুজি পোৱাৰ সময় নাপায় বা সময় দিয়া নহয় যাৰ বিজ্ঞানসন্মত কোনো যুক্তি অথবা বৈধতা নাই, নিশ্চিত ভাৱে ই অসংবিধানিক কাৰণ কোৰাণত তাৎক্ষণিক ভাৱে তালাক দিবলৈ নিৰ্দেশ নাই l গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানক আমি মুছলমান সমাজে মানি লবলৈ হয়তো কোনো আপত্তি নাই l তিনি তালাক সম্পৰ্কে সৰুৰ পৰাই শুনি আছো ; কিন্তু তিনিবাৰ তালাক কৈ তাৎক্ষণিক তালাক দিয়া আজিলৈকে মই স্বচক্ষে দেখা নাই l গতিকে এই ৰায়দানৰ ফলত ইছলাম ধৰ্মালম্বী লোকসমাজত কিবা বেয়া প্ৰভাৱ পৰিব বুলি অনুমান নহয় l
খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment