* কিয় অনুভৱী হোৱা *

* কিয় অনুভৱী হোৱা *

ইমান অনুভৱী হ'লা কেনেকৈ ....?
সৌদিনা দুয়ো মিলি ;
চোতালত মাটিৰ পীৰাত বহি,
দৰা কইনা খেলি,
অস্ত গৈছিল সুৰুয ;
...... পুৱাৰ পৰা সন্ধিয়া লৈ ,
মগ্ন আছিলো দুয়ো,
তীক্ষ্ণ ৰ'দকো নেওঁচি ll

হাতে হাত ধৰি ,
মুক্ত আকাশৰ তলত,
খাইছিলো বুটলি অনা ;
আম, জাম, খেজুৰ পকা ll

এতিয়া কিয় বাৰু ...?
নেখেলা দৰা-কইনা,
কিয় নোখোৱা বাৰু ?
বুটলি অনা ;
আম জাম খেজুৰ পকা l
কিয় বাৰু .......?
হাতে হাত ধৰি ,
মুক্ত আকাশৰ তলত নবহা l
কিয় অনুভৱী হোৱা?
কিহে বাধা দিয়ে ?
কিয় তুমি নোকোৱা?
                     খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই