বজৰঙ্গী আছু'ৰ ৰোষত

জ্ঞানেন চক্ৰৱৰ্তী পেচাত এজন শিক্ষক, অন্যায় সহ্য কৰিব নোৱাৰা ব্যক্তিজনে সততে চচিয়েল মেডিয়াত অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে-» বিশেষকৈ দুৰ্নীতি-পৰায়ন ৰাজনৈতিক নেতা, আমোলা বিষয়া, সাম্প্ৰদায়িকতা আৰু অসমৰ বিভিন্ন সমস্যাৰ ওপৰত.... প্ৰতিবাদ কৰিবলৈ কাকো কেৰেপ নকৰা মানুহজনে অৱশেষত আছু'ৰ ৰোষত পৰি গ্ৰেপ্তাৰ হব লগা হ"ল.... এটা ভিডিঅক কেন্দ্ৰ কৰিয়েই তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল.... ভিডিঅটোত কিন্তু আছু'ৰ নেপথ্যৰ চৰিত্ৰৰ সত্যতা লুকাই আছিল, সত্যতাৰ মুখা খুলিব গৈ কাল হ'ল!..... কিন্তু এটা কথা বুজিবলৈ টান হৈ আছে- জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি আছু'য়ে নিজৰ সন্মান ঘূৰাই আনিব বিচাৰিছে নে ক্ষমতা দেখুৱাইছে যাতে ভয় কৰি আগলৈ কোনেও সিহঁতৰ বিৰুদ্ধে মাত নামাতে, যাই নহওঁক আশা ৰাখিছো তেখেতক অতি সোণকালে মুক্তি দিব, প্ৰতিবাদী কণ্ঠ বিনাশ নহয়, এজন মৰিলে ; দহজন ওলাই আহিব...
       দুৰ্নীতিৰ পথ বন্ধ কৰি- চৰকাৰ, চৰকাৰৰ প্ৰশাসন, আমোলা বিষয়াসকলে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰক তেতিয়া হয়তো কাৰো প্ৰতিবাদ কৰিবলগীয়া একোয়েই নাথাকিব l

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই