Posts

স্বাধীনতা নে পতাকা উৰুৱা দিৱস?

          খন্দকাৰ জাহাঙ্গীৰ আলম স্বাধীনতা যদি এটা পতাকা উৰুৱা দিৱস নালাগে আমাক তেনে স্বাধীনতা, কৃষকৰ ফাঁচিৰ ৰচীৰে পতাকা উৰুৱালৈ দুখীয়াৰ বুকুত পতাকাৰ খুঁটা পুতিবলৈ ...

লুইতৰ পাৰৰ ৰণুৱা

Image

সূৰ্য নুঠা অভিশপ্ত উপত্যকা

Image
সূৰ্য নুঠা অভিশপ্ত উপত্যকা আৰু কোঙা সম্প্ৰদায় এটা লেৰেলি আছে অস্তিত্বহীনতাত কোনো কোনো চনৰ ইতিহাসৰ পাতবোৰ তেজত ভিজোৱা- তেজবৰণীয়া সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত প্ৰাচীনতম বুলিলে একোৱেই নাথাকিব -অপবাদৰ বাহিৰে সময়ৰ কৰাল গ্ৰাসত বৰাক, বুঢ়ালুইত আৰু নদী-উপনদীৰ তাণ্ডৱতাত অসংৰক্ষিত খহনীয়া ইতিহাসবোৰ মৌনভাৱে ভাহি যায় অজান প্ৰান্তলৈ সম্প্ৰদায়টো তেতিয়াও তেজাল নাছিল; আৰু এতিয়াওঁ তেজহীনতা  ইতিকিং, উৎপীড়ন, অপবাদ, উন্মুক্ত গৰ্জন.....আদি  শব্দবোৰৰ চিনাকি গোন্ধ ;  ক্ৰমশ: এতিয়াওঁ চেলেকিছে হয়তো..... অপবাদৰ বোজাটো কিছু পৰিমাণে গৰুৰ শিঙৰ দৰে-ওপৰঞ্চি ওজনহীন পূৰ্বজসকলে সহি আহিছে এতিয়া আমি সহিম সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত         ✍খন্দকাৰ জাহাঙ্গীৰ আলম         📱৯৬৭৮৭৬৯৫১০

ব্যৰ্থ প্ৰেমৰ ডায়েৰী

ব্যৰ্থ প্ৰেমৰ ডায়েৰী বহুদিন হ'ল- সূৰুয উঠা দেখা নাই সেয়েতো আঁউসীৰ আন্ধাৰ মোৰ সহযাত্ৰী প্ৰেম ভালপোৱা গেলি থাকিল প্ৰৱঞ্চনাৰ উত্তাপত প্ৰেমাত্মা দহি থাকিল নিউটনৰ বিপৰী...

নাৰীবাদ

নাৰীৰ প্ৰতিবাদৰ শব্দ জ্বলাই দিয়া হয়             জন্মৰ পাছতেই     নাৰীৰ কণ্ঠবোৰ আৱদ্ধ কৰা হয়          চাৰিবেৰৰ ভিতৰতেই       পুৰুষমনস্তত্বৰ যৌনদহনত          নিৰন্তৰ ...

বুৰবুৰণি

মোৰ ঘোষণাপত্ৰত সশব্দে কওঁ তাই মোৰ ভাবী প্ৰেয়সী ইম্প্ৰেছ কৰিব পাৰিলেই খাটাং, তাই মোৰ হ'ব বুকুত শিল বান্ধি হ'লেও অপেক্ষা কৰিম "তোমাক ভালপাওঁ" বুলি নোকোৱালৈকে মই পদুলি শুঙ...

যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ

        (১) যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ- পৃথিৱীৰ সমস্ত অমানুষিক ৰূপ স্থবিৰ কৰি দিব বিচাৰোঁ এটা অজৈৱ জড়ৰ দৰেই          (২) যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ- ভাতৃত্বৰ ভগ্নস্তূপ বুটলি ভগ্ন...